![]()
নিউজ ডেক্স:
মায়ঙত ধৰ্ষণ কাণ্ড।যোৱা ১৫ ডিচেম্বৰৰ নিশা মায়ঙত স্বামী নথকাৰ সুযোগ লৈ এগৰাকী মহিলাক ঘৰৰ বেৰ কাটি বলপূৰ্বক ভাবে ধৰ্ষণ কৰা দুই পাষণ্ডক আজি মায়ং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।মহিলা গৰাকীৰ স্বামীয়ে দিয়া এজাহাৰৰ ভিত্তিতে আজি গ্ৰেপ্তাৰ কৰে অৰ্জুন বিশ্বাস আৰু জগদীশ বিশ্বাসক।
উল্লেখযোগ্য যে ১৫ ডিচেম্বৰৰ নিশা ১১ মান বজাত মাদক দ্ৰব্য সেৱন কৰি ঘৰত প্ৰৱেশ কৰি চোকা অস্ত্ৰ দেখুৱাই ধৰ্ষণ কৰা বুলি অভিযোগ দিয়ে মহিলা গৰাকীৰ স্বামীয়ে। দুয়োজন লোক কালিৰে পৰা পলায় আছিল যদিও অৱশেষত আজি মায়ং থানাত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়।তাৰ পিছতেই মায়ং থানা ৰ আৰক্ষীয়ে ২৮০/২১ নম্বৰত এক গোচৰ ৰুজু কৰি দুয়ো জনকে গ্ৰেপ্তাৰ কৰি আজি জেললৈ প্ৰেৰণ কৰে।













