![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
চৰকাৰীকৃত বেংক ব্যক্তিগতকৰণ বিৰোধিতাৰে বৃহস্পতিবাৰৰ পৰা দেশজুৰি ৪৮ ঘণ্টা জোৰা ধৰ্মঘট বেক বিষয়া-কৰ্মচাৰীৰ। গুৱাহাটী দিছপুৰস্থিত ষ্টেট বেংক অৱ ইণ্ডিয়া উত্তৰ-পূৰ্ব স্থানীয় মুখ্য কাৰ্য্যালয়ৰ সন্মুখত বেংক কৰ্মচাৰীয়ে ৰূপায়ণ কৰে ধৰ্মঘট কাৰ্যসূচী।
মোডী চৰকাৰ হায় হায়, বেংক ব্যক্তিগতকৰণ আইন(সংশোধনী) বিধেয়ক সংসদত উত্থাপন পৰাৰ বিৰত থাকক, ৰাজহুৱা অনুষ্ঠান জীয়াই ৰাখক আদিবিভিন্ন শ্লোগান প্ৰদান কৰে।
উল্লেখ্য যে ২ দিনীয়া ধৰ্মঘট বাবেই সমগ্ৰ দেশৰ লগতে ৰাজ্যতো বন্ধ হৈ থাকিব ৰাজহুৱা বেংক সেৱা।
চলিত শীতকালীন অধিৱেশনত বেংকিং আইন সংশোধনী বিধেয়ক উত্থাপন কৰা আশংকাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে।
প্ৰতিবাদত অংশগ্ৰহণলৈ ইউ এ পি অ’ অসমৰ সমন্বয়ক পি কে বৈশ্যই কয়-চৰকাৰীকৃত বেংক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰিলে জনতাৰ সমস্যা হ’ব। বেংক বিষয়া কৰ্মচাৰী সৈতে সাধাৰণ জনতাই চৰকাৰৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগে ।
আইনখন সংশোধন ঘটাই প্ৰথম চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া আৰু ইণ্ডিয়ান অভাৰচিছ বেংকক ব্যক্তিগত কৰণৰ যো-যা কৰিছে চৰকাৰে-প্ৰতিবাদকাৰীয়ে এইদৰে কয়।সেই মৰ্মে পৰবৰ্তী পৰ্য্যায়ত বাকী ৰাজহুৱা খণ্ডৰ বেংক সমূহ ব্যক্তিগত খণ্ডলৈ যোৱাৰ আশংকা তেওঁলোকৰ।উল্লেখ্য যে দেশত মুঠ ১২টা চৰকাৰীকৃত ৰাজহুৱা বেংক আছে।
ইফালে প্ৰতিবাদকাৰীয়ে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে বেংক ব্যক্তিগতকৰণৰ দ্বাৰা ১ লাখ ৭৫ হাজাৰ কোটি টকা পুঁজি আহৰণৰ লক্ষ্য লৈছে।













