![]()
নিউজ ডেস্কঃ
প্রেমিকাৰ ঠেহ ভাঙিবলৈ দামী উপহাৰ দিয়াৰ পৰিকল্পনা কৰিছিল প্রেমিকে। কিন্তু হাতত নাই টকা। সেয়ে দুই সঙ্গীক লগত লৈ ডকাইতি কৰিবলৈ সোমাইছিল। কিন্তু সময় তেওঁলোকৰ বিপৰীতে আছিল। অভিযুক্ত তিনিওজনকেই গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। সম্প্রতি ঘটনাটি ঘটিছে দিল্লীৰ সৰোজিনী নগৰ এলেকাত। ডকাইতি কৰিবলৈ আহি টনা-আঁজোৰাৰ ঘটনাও ধৰা পৰিছে চিচি টিভি কেমেৰাত।
আৰক্ষীয়ে জনোৱা মতে, ডকাইতিত অভিযুক্ত তিনি যুৱক হ’ল আৰ কে পুৰমৰ বাসিন্দা শুভম (২০), নিজামুদ্দিনৰ বাসিন্দা আচিফ (১৯) আৰু জামিয়া নগৰৰ বাসিন্দা মহম্মদ চৰিয়াফুল মোল্লা (৪১)। আৰক্ষীয়ে জনোৱা মতে, বিভিন্ন এলেকাৰ চিচি টিভি ফুটেজ যোগাৰ কৰি গ্রেপ্তাৰ কৰা হৈছে অভিযুক্তকেইজনক।
দিল্লীৰ সৰোজিনী নগৰত থকা আদিত্য কুমাৰ নামৰ বহুজাতিক কোম্পানীৰ চিইও এজনৰ ঘৰত ডকাইতি কৰিবলৈ সোমাইছিল তিনিওজন।










