![]()
নিউজ ডেস্কঃ
সঁচা ভালপোৱাৰ মৰণ নাই। তাৰ প্রমাণ পোৱা গ’ল বিজয়ৱাড়াত। পেছাত ইলেকট্রিচিয়ান মান্ধব কুটুম্বা ৰাও। পত্নীৰ মৃত্যুৰ পিছত ৭ লক্ষ টকা ব্যয়েৰে তেওঁ নিৰ্মাণ কৰে পত্নীৰ মমৰ আৱক্ষ মূর্তি। যিটোৱে এতিয়া তেওঁৰ ঘৰত শোভাবৰ্ধন কৰিছে। তেওঁ এজন সমাজকর্মী আৰু পৰিবেশবিদো। জীয়াৰী মান্ধব সাসিয়া থাকে আমেৰিকাত। তেওঁ আৰু পত্নী অন্নপূর্ণাই ঘৰৰ ছাদত এখন বাগান সৃষ্টি কৰিছিল। ৰাস্তাৰ কাষৰ গাছ-গছনিৰো যত্ন লৈছিল দম্পতিহালে। কিন্তু ২০২০ চনৰ জুলাইত মৃত্যু হয় অন্নপূর্ণাৰ। পত্নীৰ মৃত্যুৰ পিছতেই হতাশাত ভোগে ৰাও। কাম-কাজো প্রায় এৰি দিয়ে। ইয়াৰ পিছতেই জীয়াৰী সাসিয়াৰ দৃষ্টিলৈ আহে বেঙ্গালুৰুৰ এটা পৰিয়ালৰ কথা। পৰিয়ালটোৰ এক দম্পতিৰ মমৰ মূর্তি নিৰ্মাণ কৰিছিল মৃত্যুৰ পিছত। তেতিয়াই সাসিয়াই ঠিক কৰে মাতৃৰো এনে এটি মূর্তি নিৰ্মাণ কৰিবলৈ।
ইয়াৰ পিছতেই শিল্পী প্রসাদৰ সৈতে যোগাযোগ কৰে ৰাওৰ পৰিয়ালে। প্রায় ৪০ দিনৰ পৰিশ্রমৰ অন্তত মম আৰু বোকা মাটিৰে নিৰ্মাণ কৰা হৈছে অন্নপূর্ণাৰ আৱক্ষ মূর্তি। মমতাজৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিল ছাহজাহানে। এইবাৰ পত্নীৰ স্মৃতিত মমৰ মূর্তি নিৰ্মাণ কৰিলে বিজয়ৱাড়াৰ মান্ধব কুটুম্বা ৰাৱে।










