![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
পানীখাইতিত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰ বেগী আই-২০ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে এটা কালভাৰ্টত। ফলত বাহনখনত থকা ৪ জন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে বাহনত থকা আটাইকেইজন আৰোহীৰে অৱস্থা অতি সংকটজনক। স্থানীয় ৰাইজে আহত আটাইকেইজন আৰোহীকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
দেওবাৰে সন্ধিয়া পানীখাইতিৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই দুৰ্ঘটনাত পতিত হোৱা আই-২০ বাহনখনৰ নম্বৰ এছ ০১ই এ ৭৬৭৩।













