![]()
নিউজ ডেস্কঃ
ঋণ খিলাপীৰসকলৰ সম্পদ বিক্ৰী কৰি কেইবা হাজাৰ কোটি টকা উদ্ধাৰ কৰিছে বেঙ্কবোৰে। সোমবাৰে লোকসভাত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে জনোৱা মতে, নীৰৱ মোদী বা বিজয় মালিয়াৰ দৰে ঋণ খিলাপীসকলৰ বাজেয়াপ্ত কৰা সম্পত্তি বিক্ৰী কৰি বেঙ্কবোৰে ১৩,১০৯ কোটি টকা উদ্ধাৰ কৰিছে। এক প্রশ্নৰ উত্তৰত সীতাৰমনে জনায় যে বিগত সাত বছৰত অনাদায়ী ঋণৰ বাবদ পাঁচ লক্ষ ৪৯ হাজাৰ কোটি টকা উদ্ধাৰ কৰিছে বেঙ্কবোৰে।
উল্লেখ্য যে দেশৰ বিভিন্ন বেঙ্কত হাজাৰ হাজাৰ কোটি টকা বকেয়া হৈ আছে বহু ব্যৱসায়ী তথা শিল্পপতিৰ। এইবোৰ ঋণ খিলাপীৰ একাংশ আকৌ বিদেশলৈ পলাই গৈছে।










