![]()
নিউজ ডেস্কঃ
এইবাৰ আধাৰ কার্ডৰ সৈতে সংযুক্ত কৰিব লাগিব ভোটাৰ কার্ডো। সোমবাৰে নির্বাচনী সংশোধনী বিধেয়ক গৃহীত হয় লোকসভাত। অৱশ্যে বিৰোধীয়ে ইয়াকে লৈ তীব্র প্রতিবাদ কৰি যদিও একো এটা লাভ নহ’ল। কেৱল আধাৰ–ভোটাৰ লিঙ্ক কৰাই নহয়, নির্বাচন সংক্রান্তীয় আৰু তিনিটা নিয়মতো সলনি হ’ব এইবাৰ। কেন্দ্রৰ দাবী, ইয়াৰ দ্বাৰা মজবুত হ’ব নির্বাচন আয়োগৰ হাত। কমিব ভুৱা ভোটাৰো।
পিছে বিৰোধীয়ে মানি লোৱা নাই এই দাবী। বিৰোধীৰ মতে, ইয়া ৰদ্বাৰা আচলতে ভুৱা ভোটাৰ বাঢ়িবহৈ। কংগ্রেছ সাংসদ শশী থাৰুৰে এই সন্দৰ্ভত লোকসভাত কয়, ‘দেশবাসীৰ ঠিকনাৰ প্রমাণ হিচাবে দিয়া হৈছিল আধাৰ। নাগৰিকত্বৰ প্রমাণ এয়া নহয়। এইবাৰ ভোটাৰসকলৰ পৰা আধাৰ কার্ড টাব বিচাৰিলে, তেওঁলোকৰ বাসস্থানৰ নথিয়েই পাব। এনেদৰে আচলতে আপোনালোকে নাগৰিক নোহোৱা বহুতকেই ভোটদানৰ অধিকাৰ দিছে।’










