![]()
নিউজ ডেস্কঃ
সূর্যৰ উত্তাপতেই হয় পৃথিৱীত প্রাণৰ সঞ্চাৰ। সেয়া নাথাকিলে এই গ্রহ আৰু পাঁচটা গ্রহৰ দৰে হ’লহেঁতেন শীতল মৃত্যুপুৰী। কিন্তু সেইবুলি সূর্যৰ কাষলৈও যাব নোৱাৰি। তাক দূৰৈৰ পৰা চোৱাই ভাল। কাষলৈ গ’লেই পুৰি ছাই হ’ব লাগিব। কিন্তু নাছাৰ মহাকাশ যান উপস্থিত হ’ল সূর্যৰ একেবাৰে কাষত। তাৰ পৰা পঠালে অশ্চর্যকৰ ছবিও।
নাছাৰ ‘পার্কাৰ ছ’লাৰ প্রোব’ সূর্যৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিছিল। অদ্ভুত কথা হ’ল, সূর্যপৃষ্ঠৰ তাপমাত্রাতকৈ তাৰ বায়ুমণ্ডলৰ তাপমাত্রা ১০ লক্ষ গুণ বেছি। অথচ সূর্যৰ এই ভীষণ উত্তাপৰ উৎস তাৰ ভিতৰত অৱস্থিত পাৰমাণৱিক চুলা। সেই হিচাবত সূর্যপৃষ্ঠ অতি বেছি গৰম হোৱা উচিত যদিও কিন্তু সেয়া নহয়। এই ৰহস্যৰ সন্ধানতেই সূর্যৰ বায়ুমণ্ডলৰ দিশে আগবাঢ়িছিল নাছাৰ পার্কাৰ ছ’লাৰ প্রোব।
অৱশ্যে একেবাৰে বায়ুমণ্ডলৰ সঠিক স্থানলৈ যোৱা নাই। সেই স্থান সূর্যপৃষ্ঠৰ পৰা কেইবা লক্ষ কিলোমিটাৰ দূৰৈত। নাছাৰ যান য’ত উপস্থিত হৈছিল সেয়া সূর্যৰ পৰা ডেৰ কোটি কিলোমিটাৰ দূৰৈত। ইয়ালৈ প্ৰেৰণৰ বাবেও বিশেষ ব্যৱস্থা কৰা হৈছিল। মহাকাশযানখনক এটি বিশেষ আৱৰণীৰে ঢাকি দিয়া হৈছিল যাতে সি গলি নাযায়।











