![]()
নিউজ ডেস্কঃ
পৰিত্যক্ত এটি ৰে’ল ইঞ্জিন বিক্ৰী কৰাৰ অভিযোগ উঠিল ৰে’ল বিভাগৰেই এজন ইঞ্জিনিয়াৰৰ বিৰুদ্ধে। ঘটনাটি বিহাৰৰ পূর্ণিয়াৰ।
আৰক্ষী সূত্র মতে, অভিযুক্ত ইঞ্জিয়নিয়াৰজনে সমস্তিপুৰৰ লোকো ডিজেল শ্বেডত কাম কৰে। তেওঁ বিৰুদ্ধে অভিযোগ, ৰে’লৰ অন্য বিষয়া আৰু নিৰাপত্তাৰক্ষীৰ সৈতে মিলি পূর্ণিয়া কোর্ট ৰে’ল ষ্টেচনত পৰি থকা ৰে’লৰ ইঞ্জিন বিক্ৰী কৰিছে তেওঁ। পূর্ণিয়া কোর্ট ৰে’লষ্টেচনে এই ঘটনাত এখন এফআইআৰ দাখিল কৰিছে।
আনহাতে, তদন্তত নামি ৰে’ল আৰক্ষীয়ে পূর্ণিয়াৰ গুলবাগ এলেকাৰ পৰা ইঞ্জিনটোৰ এটি অংশ উদ্ধাৰ কৰিছে। ঘটনাটোত কোন কোন বিষয়া আৰু নিৰাপত্তাৰক্ষী জড়িত আছে আৰু ইয়াৰ আঁৰত আৰু কোনোবা বৃহৎ চক্র আছে নেকি সেয়া তদন্ত কৰা বুলি আৰপিএফ সূত্রত প্ৰকাশ।
উল্লেখ্য, যোৱা ১৪ ডিচেম্বৰত পূর্ণিয়া কোর্ট ৰে’ল ষ্টেচনলৈ গৈ ইঞ্জিনটো গেছকাটাৰেৰে সৰু সৰু অংশত কটাৰ নির্দেশ দিয়ে অভিযুক্তই। কর্মচাৰীসকলে যেতিয়া এই কাম কৰিবলৈ আৰম্ভ কৰে তেতিয়া আউটপোষ্টটোৰ দায়িত্বত থকা বিষয়া এজনে তাৰ প্রতিবাদ জনায়। কিন্তু ইঞ্জিনিয়াৰজনে তেওঁক সমস্তিপুৰ ডিভিজনেল মেকানিকেল ইঞ্জিনিয়াৰৰ (ডিএমই)ভুৱা চিঠি দেখুৱাই জনায় যে ইঞ্জিনৰ যন্ত্রাংশ সমস্তিপুৰ লোকো শ্বেডলৈ নিয়া হ’ব। কিন্তু তালৈ নি নি পিছত ভঙা-ছিহা ব্যৱসায়ীৰ হাতত ইঞ্জিনটো বিক্ৰী কৰি দিয়ে ইঞ্জিনিয়াৰজনে।











