![]()
নিউজ ডেস্কঃ
কালৰো কাল, বিপৰীত কাল৷ এইবাৰ পৰকীয়া প্ৰেমৰ পৰিণতি হ’ল চকু কপালত উঠা ধৰণৰ৷ শাহুআইকে লৈ পলাল জোঁৱাই! উক্ত ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে পশ্চিমবংগৰ হাওড়াৰ লিলুৱাত।
পত্নীক এৰি শাহুআই শেফালি দাসৰ সৈতে পলাই যায় জোঁৱায়েক কৃষ্ণ গোপাল দাস। ঘটনা সন্দৰ্ভত লিলুৱা থানাত দাখিল কৰা হৈছে অভিযোগ।
বাবলা দাস নামৰ এজন ভেনচালকৰ জীয়ৰী প্রিয়ঙ্কাৰ সৈতে বিয়া হৈছিল কৃষ্ণৰ। বিয়াৰ পিচৰ পৰা ঘৰজোঁৱাই হৈ আছিল কৃষ্ণ। তাৰ ফলতেই শাহুৱেক শেফালি দাসৰ সৈতে প্রেমৰ সম্পর্ক গঢ়ি উঠে। আৰু অৱশেষত শনিবাৰে শাহুআইকে পলাই লৈ যায় জোঁৱায়েক কৃষ্ণই। ইফালে মাতৃৰ সৈতে স্বামীৰ পৰকীয়া প্ৰেমৰ কথা জানিব পাৰি কান্দোনত ভাঙি পৰে প্রিয়ঙ্কা। পিচত পিতৃৰ সৈতে গৈ লিলুৱা থানাত লিখিত অভিযোগ দাখিল কৰে। উক্ত অভিযোগৰ ভিত্তিত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।











