![]()
নিউজ ডেস্কঃ
আজি ঘোষণা হৈছে কলকাতা পৌৰ নিৰ্বাচনৰ ফলাফল৷ ঘোষিত ফলাফলত ৰাজ্যখনৰ শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছে বৃহৎ ব্যৱধানত জয়লাভ কৰি দখল কৰিছে কলকাতা পৌৰ নিগম৷ কলকাতা পৌৰ নিগমৰ মুঠ ১৪৪খন আসনৰ ভিতৰত তৃণমূলে লাভ কৰিছে ১৩৪খন আসন৷ আনহাতে উক্ত নিৰ্বাচনত একপ্ৰকাৰ ধৰাশায়ী হোৱা বিজেপিয়ে লাভ কৰিছে মাত্ৰ ৩খন আসন৷
কলকাতা পৌৰ নিৰ্বাচনৰ এই বৃহৎ সাফল্যৰ সময়তেই অসমত আহি উপস্থিত হয় বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷ বৰঝাৰ বিমানবন্দৰৰ পৰা মমতা পোনে পোনে আহি উপস্থিত হয় কামাখ্যাত৷ কামাখ্যাত পূজা দি বগলা মন্দিৰতো পূজা দিয়ে মমতাই।
কামাখ্যাত চাকিও জ্বলায় মমতাই। আনহাতে কামাখ্যা মন্দিৰৰ প্ৰধান পূজাৰীয়ে গামোচাৰে আদৰণি জনায় মমতা বেনাৰ্জীক৷ কামাখ্যা আৰু বগলা মন্দিৰত পূজা দি পুনৰ পশ্চিমবংগলৈ ৰাওনা হয় মমতা বেনাৰ্জী।











