![]()
নিউজ ডেস্কঃ
ভার্চুৱেল শুনানি চলি থকা অৱস্থাতেই এগৰাকী মহিলাৰ সৈতে আপত্তিজনক অৱস্থাত ধৰা পৰিল এগৰাকী অধিবক্তা।
মাদ্রাজ হাইকোর্টৰ উক্ত ঘটনাত নিলম্বন কৰা হৈছে অভিযুক্ত অধিবক্তা আৰ ডি চান্থানা কৃষ্ণণক। তামিলনাডু আৰু পুডুচেৰীৰ বাৰ কাউন্সিলৰ তৰফৰ পৰা এক বিজ্ঞপ্তিত জনোৱা হৈছে, কৃষ্ণণৰ বিৰুদ্ধে শৃঙ্খলা ভঙ্গৰ অভিযোগৰ নিষ্পত্তি যিমান দিনলৈ নহয়, তেতিয়ালৈকে তেওঁ কোনো আদালত বা ট্রাইব্যুনেলত কোনো গোচৰ যুঁজিব নোৱাৰিব।
ভিডিও কনফাৰেন্সত শুনানি চলি থাকোতেই এগৰাকী মহিলাৰ সৈতে অধিবক্তাজনৰ এই ঘটনাত স্তম্ভিত ন্যায়াধীশো। মঙ্গলবাৰে এই গোচৰৰ শুনানিত ন্যায়াধীশ পি এন প্রকাশ আৰু আৰ হেমলতাৰ বিচাৰপীঠে জনাইছে যে শুনানি চলি থকা অৱস্থাত এনে ধৰণৰ নির্লজ্জ অশ্লীলতাৰ ঘটনা চকুত পৰাৰ পিছত আদালতৰ পক্ষে নীৰৱ দর্শক হৈ বহি থকাটো সম্ভৱ নহয়। লগতে আৰক্ষী অধীক্ষকক নির্দেশ দিয়ে যে কোনো কাৰণতেই যাতে এই ভিডিও ছচিয়েল মিডিয়াত বিয়পি নপৰে তাক নিশ্চিত কৰিবলৈ। ন্যায়াধীশ মণ্ডলীয়ে ক্রাইম ব্রাঞ্চ আৰু চিআইডিক এই বিষয়ত এটি গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে। লগতে তদন্ত আৰম্ভ কৰি ২৩ ডিচেম্বৰত এই সংক্রান্তীয় এক ৰিপোর্ট জমা দিব লাগিব। তাৰ উপৰি তামিলনাডু বাৰ কাউন্সিলকো চান্থানা কৃষ্ণণৰ বিৰুদ্ধে শৃঙ্খলা ভঙ্গৰ অভিযোগত যথাযথ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে।











