![]()
নিউজ ডেস্কঃ
দিন দুপৰতে এগৰাকী যুৱতীক অপহৰণৰ চেষ্টা। ঘটনাটি ঘটে মঙ্গলবাৰে। নিষ্ঠা নামৰ এগৰাকী যুৱতীয়ে টুইটত জনাইছে যে গুৰুগ্রামৰ ছেক্টৰ ২২ৰ পৰা তেওঁ অটোত ঘৰলৈ উভতিছিল। ঘৰলৈ মাত্র সাত মিনিটৰ পথ। তেওঁৰ ঘৰৰ ঠিক আগতেই এটা টি পইন্ট আছে আৰু তাৰ পৰা সোঁফালে ঘূৰিলেই তেওঁৰ ঘৰ।

কিন্তু হঠাৎ অ’টোচালকজনে সেইফালে ন’গৈ অটোখন বাঁওফালে ঘূৰাই তীব্ৰ বেগত চলাব ধৰে। নিষ্ঠাই এই বিষয়ত সোধাতো একো উত্তৰ নিদিয়ে অ’টোচালকজনে। চিঞৰ-বাখৰ কৰিও কোনো লাভ নোহোৱাত সাহস কৰি তেওঁ অ’টোৰ পৰা জাঁপ দিয়ে৷ সামান্যভাৱে আহতও হয় তেওঁ। ইতিমধ্যে ঘটনাৰ বিৱৰণ দি অপহৰণৰ অভিযোগ তুলি গুৰগাঁও পালম বিহাৰত গোচৰ ৰুজু কৰিছে যুৱতীগৰাকীয়ে। আৰক্ষীয়ে চিচি টিভি ফুটেজ চাই অ’টোচালকৰ সন্ধানত তালাচী আৰম্ভ কৰিছে।











