![]()
নিউজ ডেস্কঃ
অনির্দিষ্টকালৰ বাবে স্থগিত ঘোষণা কৰা হ’ল ৰাজ্যসভা আৰু লোকসভা। যাৰ ফলত এদিন পূৰ্বেই অন্ত পৰিল সংসদৰ শীতকালীন অধিবেশন। ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল অধিবেশন। ২৩ ডিচেম্বৰলৈ আছিল পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী।
পেগাছাছ বিতর্কত সংসদৰ বৰ্ষাতালীন অধিবেশনত তোলপাৰ লগাৰ পিছত শীতকালীন অধিবেশনতো সংসদত ইয়াকে লৈ একেই পৰিস্থিতিৰ সৃষ্টি হয়। লগতে সংযুক্ত হয় কৃষি আইন প্রত্যাহাৰ বিধেয়ক প্ৰসংগ। অধিবেশনৰ আৰম্ভণিৰ দিনাই কৃষি আইন প্রত্যাহাৰ বিধেয়ক সংসদত উত্থাপন কৰাত বিৰোধীয়ে ইয়াৰ ওপৰত আলোচনাৰ দাবী তোলে। কিন্তু বাধ্য হৈ ধ্বনিভোটত এই বিধেয়ক গৃহীত কৰায় চৰকাৰে।
ইয়াৰ পিছত ৰাজ্যসভাৰ ১২ জন সাংসদক নিলম্বন কৰা হয়৷ তাক লৈও তীব্ৰ বাদানুবাদ চলে সংসদত৷ লগতে আধাৰৰ সৈতে ভোটাৰ কার্ড সংযোগ কৰা সন্দৰ্ভতো কেন্দ্রৰ বিৰোধিতা কৰে বিৰোধীয়ে। তাৰ উপৰি বিতৰ্ক হয় ছোৱালীৰ বিয়াৰ ন্যূনতম বয়স বৃদ্ধি বিধেয়কক লৈও। কেন্দ্রীয় সংসদ বিষয়ক মন্ত্রী প্রহ্লাদ যোশীয়ে জনোৱা মতে, শীতকালীন অধিবেশনত ৮২ শতাংশ কাম হৈছে।











