![]()
নিউজ ডেস্কঃ
আধুনিক যুগত বিবাহ বিচ্ছেদ যেন মুখৰ কথা হৈ পৰিছে। সামান্য মনোমালিন্য বা দূৰত্বৰ সৃষ্টি হ’লেই ডিভোৰ্ছৰ সিদ্ধান্ত লয় বহু দম্পতিয়ে। অৱশ্যে তাৰ লগত খোৰাকীক লৈও চিন্তা থাকে বহুতৰে। সম্প্রতি এক বিবাহ বিচ্ছেদৰ খোৰাকীৰ পৰিমাণ শুনি সকলোৰে চকু কপালত উঠিছে। তথ্য বলছে, ব্রিটেইনৰ ইতিহাসত এইটোৱে সকলোতকৈ দামী বিবাহ বিচ্ছেদৰ খোৰাকী।
এক আন্তর্জাতিক সংবাদ মাধ্যমৰ সূত্র মতে, ডুবাইপ শাসক আমিৰ শ্বেখ মোহাম্মদ বিন ৰছিদ আল-মাকতুমক ডিভোৰ্ছৰ খোৰাকীৰ বাবদ পত্নী আৰু সন্তানক মুঠ চাৰে ৫০০ মিলিয়ন পাউণ্ড দিয়াৰ নির্দেশ দিয়ে ব্রিটেইনৰ এক আদালতে। যাৰ ভাৰতীয় মূল্য ৫ হাজাৰ ৫১০ কোটি টকা। আদালতৰ নির্দেশ অনুযায়ী ২৫১ মিলিয়ন পাউণ্ড শ্বেখৰ ষষ্ঠ পত্নী ৰাজকুমাৰী হায়াকে পাব। শ্বেখৰ ১৪ বছৰীয়া জীয়াৰী জলিলা আৰু ৯ বছৰীয়া পুত্ৰ জায়েদে পাব বাকীখিনি ধন।
কেৱল সিমানেই নহয়। আদালতৰ নির্দেশ অনুযায়ী, শ্বেখৰ ল’ৰা-ছোৱালী নাবালক হৈ থকালৈকে তেওঁলোকৰ নিৰাপত্তাৰ বাবে বার্ষিক ১১ মিলিয়ন পাউণ্ড দিব লাগিব তেওঁ। সম্প্ৰতি ৩ মাহৰ বাবে মুঠ ৩৩৩ মিলিয়ন পাউণ্ড জমা ৰাখিব লাগিব শ্বেখে।
উল্লেখ্য, ২০১৯ চনতেই ডুবাই এৰি ব্রিটেইনত থাকিবলৈ লৈছিল ৰাজকুমাৰীয়ে। তাৰ পিছতেই আদালতৰ দ্বাৰস্থ হয় তেওঁ। বিবাহ বিচ্ছেদ লৈ তেওঁ সন্তানৰ ভবিষ্যৎ নিশ্চিত কৰিবলৈয়েই আদালতৰ শৰণাপন্ন হয় তেওঁ। অৱশেষত আদালতৰ এই নির্দেশে বহুখিনি স্বস্তি দিয়ে ৰাজকুমাৰীক।











