নিউজ ডেক্স:
ম্যানমাৰৰ খনিত অঘটন।খনি খহি পৰাৰ ফলত ১ জন নিহত, ২৫ জন আহত, ৭০ জনৰো অধিক সন্ধানহীন।
বৰ্তমানলৈক ২৫ জনৰো অধিক আহতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উদ্ধাৰকাৰী এটা ২০০ জনীয়া দল দুৰ্ঘটনাস্থলীত গৈ উপস্থিত হৈ সন্ধানহীন লোকসকলৰ সন্ধান আৰম্ভ কৰিছে।
উদ্ধাৰকাৰী দলটোৰ এজন সদস্যই সদৰি কৰা মতে কাচিন ৰাজ্যৰ হাপকান্ত খনি পুৱা প্ৰায় ৪ বজাত খহি পৰিছে। প্ৰায় ৭০ ৰ পৰা ১০০ জন লোক সন্ধানহীন হোৱাৰ আশংকা কৰা হৈছে।