![]()
নিউজ ডেস্কঃ
কৰোনা বাব ওমিক্রন আতঙ্ক ক’ত? দিল্লীৰ সৰোজিনী মার্কেটৰ ছবি দেখিলে সেইটোৱেই হয়তো ভিবিলৈ বাধ্য হ’ব!
এটি ভিডিও বুধবাৰে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। দেওবাৰে তোলা উক্ত ভিডিওটোত দেখা গৈছে যে মার্কেটলৈ অহা ক্রেতাসকলৰ ইমানেই ভিৰ যে ঠেলা-হেঁচাত এজনৰ ওপৰত আন এজন পৰি গৈছে। সামাজিক দূৰত্ববিধি কোনো কথাই নাই তাত। সৰোজিনী নগৰ মিনি মার্কেট ব্যৱসায়ী সন্থাৰ সভাপতি অশোক ৰন্ধাৱাই অত্যধিক ভিৰৰ বাবে দায় দিছে হকাৰসকলক। তেওঁৰ মতে, দোকানৰ ভিতৰত কৰোনা বিধি মানি চলা হয় যদিও বাহিৰত বহা ব্যৱসায়ীসকলৰ বাবে সেয়া সম্ভৱ হোৱা নাই৷ আনকি তেওঁলোকক ক’লেও কথা নুশুনাৰ অভিযোগ তেওঁৰ৷ তেনে পৰিস্থিতিত পুনৰ লকডাউন নহ’লেই হয় বুলিও উল্লেখ কৰে তেওঁ।
জানিব পৰা মতে, মার্কেটত প্রবেশৰ বাবে চাৰিথন প্ৰৱেশদ্বাৰ আছে। প্রতিখন প্ৰৱেশদ্বৰাতেই নিৰাপত্তাৰক্ষী আছে। তেওঁলোকৰ লগত আছে থাৰ্মেল গান আৰু চেনিটাইজাৰ।
উল্লেখ্য, দিল্লীত বুধবাৰেই নতুনকৈ ১২৫ জন কৰোনাত সংক্রমিত হৈছে। যিটো যোৱা জুন মাহৰ পিছত সর্বাধিক। ইতিমধ্যে ৰাজধানীত বৰদিন আৰু নৱবৰ্ষৰ উৎসৱৰ সমাবেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ৰেস্তোৰাঁ আৰু বাৰবোৰত ৫০ শতাংশতকৈ বেছি লোকৰ অনুমতি প্ৰদান কৰা হোৱা নাই। বিয়া-কাজতো নিমন্ত্রিত অতিথিৰ সংখ্যা বান্ধি দিয়া হৈছে ২০০ জন।











