![]()
নিউজ ডেস্কঃ
পঞ্জাবৰ লুধিয়ানা জিলা আদালত চৌহদত বোমা বিস্ফোৰণ৷ বৃহস্পতিবাৰে পুৱা হয় এই বিস্ফোৰণ। আদালত সূত্র মতে, বিস্ফোৰণত দুজন লোক নিহত হৈছে। বিস্ফোৰণস্থলীৰ মানুহ ওলাবৰ বাবে কৰা লৰা-ঢপৰাত গুৰুতৰভাৱে আহত হয় আন বহুকেইজন লোক।
বিস্ফোৰণৰ ঘটনাটি ঘটে লুধিয়ানা জিলা আদালতৰ চাৰি মহলাত। বিস্ফোৰণৰ লগেলগেই লুধিয়ানা জিলা আৰক্ষী আৰু স্থানীয় থানাৰ বোমা স্কোৱাড উপস্থিত হয় ঘটনাস্থলীত৷ নিৰাপত্তাৰ স্বার্থত সমগ্ৰ এলেকাৰ পৰা মানুহবোৰক আঁতৰাই দিয়া হয়। কোনে আৰু কি কাৰণত এই বিস্ফোৰণ ঘটাইছে সেয়া জানিব পৰা হোৱা নাই৷ আৰক্ষীয়ে তদন্ত চলাই আছে।











