![]()
নিউজ ডেস্কঃ
যোৱা ২৫ অক্টোবৰত সেনা অভ্যুত্থানৰ পিছত বিগত ২১ নৱেম্বৰত দেশৰ বিতর্কিত নেতা আবদাল্লা হামদককেই পুনৰ প্রধানমন্ত্রী পদত বহুওৱা হয়৷ তাৰেই প্রতিবাদত চুডানৰ জনসাধাৰণে যোৱা দেওবাৰে ৰাজধানী খার্তুমত একত্ৰিত হৈ বিক্ষোভ প্ৰদৰ্শন কৰে। তাতেই প্ৰায় ১৩ গৰাকী মহিলা সেনা-আৰক্ষীৰ হাতত ধর্ষিতা হোৱা বুলি জনালে ৰাষ্ট্ৰসংঘই। বিক্ষোভ চলি থকা অৱস্থাত উক্ত দিনা সেনাৰ অত্যাচাৰত দুই আন্দোলনকাৰীৰ মৃত্যুও হয়।
দেওবাৰে ৰাষ্ট্ৰপতিৰ প্রাসাদৰ সন্মুখত উপস্থিত হৈছিল বিক্ষোভকাৰীসকল। শান্তিপূর্ণভাৱে বিক্ষোভ কৰাই তেওঁলোকৰ পৰিকল্পনা আছিল যদিও কিছু সময়ৰ ভিতৰতেই তাত উপস্থিত হয় সেনা আৰু আৰক্ষী। নির্বিচাৰে মাৰধৰ আৰম্ভ কৰে, গুলীও চলায়। ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ সংক্রান্তীয় বিভাগৰ মুখপাত্র লিজ থ্রছেলে জনোৱা মতে, নিৰাপত্তা বাহিনীৰ পৰা বাচিবলৈ মহিলা বিক্ষোভকাৰীসকল যেতিয়া যেনি-তেনি পলাবলৈ আৰম্ভ কৰিছিল তেতিয়াই তাৰ মাজৰ পৰা কেইগৰাকীমানক উঠাই লৈ যায় নিৰাপত্তা বাহিনীয়ে। তাৰ পিছত মহিলাকেইগৰাকীৰ ওপৰত যৌন নিপীড়ন চলোৱা হয়৷
ৰাষ্ট্রসংঘৰ মুখপাত্রগৰাকীয়ে উক্ত ঘটনাৰ নিৰপেক্ষ আৰু দ্রুত তদন্তও দাবী কৰিছে।











