![]()
নিউজ ডেস্কঃ
চলিত বছৰৰ এপ্রিল-মে’ মাহ দেশৰ বাবে আছিল বিভীষিকাৰ সময়। কৰোনাৰ দ্বিতীয় ঢৌৰ প্ৰভাৱত শোচনীয় অৱস্থা হৈছিল দিল্লী, মহাৰাষ্ট্র, কেৰালা, উত্তৰ প্রদেশসহ একাধিক ৰাজ্যৰ। কৰোনাত মৃতসকলৰ মৃতদেহ সৎকাৰ কৰিব নোৱাৰি গঙ্গাত পেলাই দিয়াৰ ঘটনা প্রকাশ্যে আহিছিল বহু কেইবাৰ। এইক্ষেত্রত অভিযোগৰ আঙুলি উঠিছিল বিহাৰ আৰু উত্তৰ প্রদেশৰ দিশে। অৱশ্যে প্রশাসনে সেই কথা স্বীকাৰ কৰিব বিচৰা নাই। কিন্তু এইবাৰ ‘নমামি গঙ্গে’ মিছনৰ সঞ্চালক ৰাজীব ৰঞ্জন মিশ্র আৰু উক্ত প্রকল্পত কাম কৰা আইডিএএছ বিষয়া পুষ্কল উপাধ্যায়ে স্বীকাৰ কৰিলে, দ্বিতীয় ঢৌ চলি থাকোতে গঙ্গা হৈ উঠিছিল মৃতদেহ পেলোৱাৰ স্থান।
বৃহস্পতিবাৰে প্রকাশ হৈছে এখন গ্ৰন্থ। নাম ‘গঙ্গা: ৰিইমাজিনিং, ৰিজুভেনেটিং, ৰিকানেক্টিং’, যাৰ লেখক উক্ত দুজন। গঙ্গাত কৰোনাত মৃতকৰ মৃতদেহ যে যথেষ্ট পৰিমাণে নিক্ষেপ কৰা হৈছে সেয়া লিখা হৈছে গ্ৰন্থখনত। ৰাজীব ৰঞ্জন মিশ্র হৈছে ১৯৮৭ বেটচৰ আইএএছ বিষয়া, পাঁচ বছৰ ধৰি প্রধানমন্ত্রীৰ স্বপ্নৰ ‘নমামি গঙ্গে’ প্রকল্পৰ দায়িত্বত আছে।
অহা ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিব তেওঁ। গ্ৰন্থখন উন্মোচন কৰে প্রধানমন্ত্রীৰ বিত্তীয় উপদেষ্টা পৰিষদৰ অধ্যক্ষ বিবেক দেবৰয়ে। গ্ৰন্থখনৰ এটি পৰিচ্ছদৰ শীর্ষনাম দিয়া হৈছে ‘ফ্লোটিং কর্পছেছ : এ ৰিভাৰ ডিফাইল্ড’। তাত গঙ্গাৰ ওপৰত অতিমাৰীৰ প্রভাব সন্দৰ্ভত লিখা হৈছে অত্যন্ত চিত্তাকর্ষক ভাষাত। তাত লিখা হৈছে যে গঙ্গাক বচোৱাৰ পাঁচ বছৰৰ চেষ্টাৰ প্রবল পৰিশ্রম নষ্ট হৈছে কেইদিনমানতেই। কোভিড-১৯ অতিমাৰীৰ ফলত মৃতদেহৰ সংখ্যা বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছিল। শ্মশানবোৰত স্থান নোহোৱা হোৱাত যিবোৰ জিলাত মৃতকৰ সংখ্যাই সীমা অতিক্ৰম কৰিছিল, তাত গঙ্গাত মৃতদেহ উটুৱাই দিয়াই সহজ উপায় হৈ পৰিছিল।











