![]()
নিউজ ডেস্কঃ
কানপুৰৰ ব্যৱসায়ী পীযূষ জৈনৰ ঘৰৰ পৰা উদ্ধাৰ হ’ল মুঠ ১৭৭.৪৫ কোটি টকাৰ নোট। সংবাদ সংস্থা এএনআইক এক চৰকাৰী সূত্রই জনোৱা মতে, ‘‘শনিবাৰে গভীৰ নিশা পর্যন্ত টকা গণনাৰ কাম চলিব। দেওবাৰেও ব্যক্তিজনৰ বিভিন্ন বিভাগত তালাচী চলিব।’’
কেন্দ্রীয় আয়কৰ বিভাগে জনাইছে, কোনো ব্যক্তিৰ পৰা ইতিহাসত সৰ্বাধিক নগদ উদ্ধাৰ কৰিলে আয়কৰ বিভাগে। অৱশ্যে তালাচী চলি থকাৰ কাৰণে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই। কানপুৰ, কনৌজ আৰু মুম্বাইত পীযূষৰ কাৰ্যালয় শনিবাৰেও তালাচী চলাইছে বিষয়াসকলে।
কৰ ফাঁকিৰ অভিযোগত পীযূষৰ ঘৰ আৰু বিভিন্ন কোম্পানীত আয়কৰ বিভাগৰ বিষয়াসকলে শুক্রবাৰৰ পৰা তালাচী চলাইছিল।











