![]()
নিউজ ডেস্কঃ
উৎসবৰ বতৰতেই নতুন বিতর্কত তোলপাৰ দেশ। সাৰেগামা মিউজিকৰ নতুন আইটেম নম্বৰৰ ভিডিওক কেন্দ্ৰ কৰি ক্ষোভত ফাটি পৰিছে একাংশ। একাংশ নেটিজেনে দুদিন পূৰ্বেই ভিডিওটি বয়কটৰ আহ্বান জনাইছিল। এইবাৰ উক্ত প্রতিবাদত চামিল হ’ল মথুৰাৰ ধর্মগুৰুসকলো। শ্রী ৰাধিকাক গানৰ জৰিয়তে যেনেদৰে অপমান কৰা হৈছে, সেই প্রতিবাদত আদালতৰ দ্বাৰস্থ হোৱাৰ কথাও কৈছে বহুতে। কণিকা কাপুৰ আৰু অৰিন্দম চক্রৱর্তীৰ নতুন গান ‘মধুবন মে ৰাধিকা’ এটি আইটেম নম্বৰ। যিটো গানত স্বল্প পোছাকত নাচিছে ছানি লিওনিয়ে। গানৰ সৈতে উদ্যম নৃত্যৰ অংগী-ভঙ্গীও। ছানিৰ নৃত্য আৰু পোছাকক কেন্দ্ৰ কৰিয়েই বিতর্কৰ আৰম্ভণি।
কোনোৱে কৈছে, ‘ৰাধা নটী নাছিল’, আকৌ কোনোবাই লিখিছে, ‘মধুবনত ৰাধিকাই ইমান অশ্লীল নৃত্য কৰা নাছিল’। যাৰ কাৰণে মিউজিক ভিডিওটি নিষিদ্ধ কৰাৰ দাবী তোলে বহুতে। ছানিৰ উক্ত মিউজিক ভিডিওটি চোৱাৰ পিছত বৃন্দাবনৰ সন্ত নবল গিৰি মহাৰাজৰ বক্তব্য, চৰকাৰে অভিনেত্রীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা নল’লে আৰু ভিডিও এলবামটি নিষিদ্ধ নকৰিলে তেওঁলোকেই আদালতৰ দ্বাৰস্থ হ’ব। সময় থাকোতেই ভিডিওটি আঁতৰাই জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰক নায়িকাগৰাকীয়ে।
নতুবা তেওঁক ভাৰতত থাকিবলৈ দিয়া উচিত নহয়। অখিল ভাৰতীয় তীর্থ পুৰোহিত মহাসভাৰ ৰাষ্ট্ৰীয় সভাপতি মহেশ পাঠকেও ক্ষোভ উজাৰি দি অভিযোগ তুলিছে ছানিৰ বিৰুদ্ধে। তেওঁ কয়, ‘এনে অসম্মানজনক উপস্থাপনাৰ জৰিয়তে ব্রজভূমিৰ ভাবমূর্তি নষ্ট কৰাৰ চেষ্টা কৰা হৈছে।’ অৱশ্যে ছানি লিওনি বা সাৰেগামা মিউজিকৰ তৰফৰ পৰা এই বিষয়ে কোনো মন্তব্য কৰা নাই।











