![]()
নিউজ ডেস্কঃ
চলিত বছৰৰ বি টাউনৰ সবাতোকৈ চৰ্চিত খবৰ আছিল, আমিৰ খান আৰু কিৰণ ৰাওৰ বিচ্ছেদ। জুলাই মাহত নেট মাধ্যমত এটি বিবৃতি দি সুদীৰ্ঘ ১৫ বছৰৰ দাম্পত্যত ইতি টানে আমিৰ-কিৰণে। তেতিয়াৰ পৰাই আমিৰ-কিৰণৰ সম্পর্কৰ মাজত তৃতীয় ব্যক্তি হিচাবে ‘দঙ্গল’ খ্যাত অভিনেত্রী ফাতিমা সানা শেখৰ নাম চৰ্চালৈ আহে। গুঞ্জন বিয়পি পৰে, ফাতিমাৰ প্রেমত পৰিছে আমিৰ খান। যাৰ কাৰণে দ্বিতীয়বাৰ বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লয় অভিনেতাগৰাকীয়ে। পাঁচ মাহ সম্পূৰ্ণ নহওঁতেই পুনৰ ফাতিমা, আমিৰৰ বিয়াৰ গুজব বিয়পি পৰিছে ছচিয়েল মিডিয়াত। পিছে এইবাৰৰ গুজব আৰু জোৰদাৰ হৈছে এখন ভাইৰেল ছবিৰ কাৰণে। ছবিত দেখা গৈছে, আমিৰ আৰু ফাতিমাক একেলগে। আমিৰৰ পৰিধানত বগা শেৰৱানি। ফাতিমাই পিন্ধিছে সোণালী ৰঙৰ কাঞ্জিভাৰাম শাৰী। মূৰত আকৌ সিন্দূৰো! ছবিখন ভাইৰেল কৰি কোনোবাই লিখিছে, আমিৰ-ফাতিমাই মনে মনে নিকাহ কৰিলে।
পিছে ঘটনাৰ ৰহস্য বেলেগহে। ছবিখনো সম্পূর্ণ ভুৱা। প্ৰকৃততে আমিৰ-ফাতিমাই বিয়া পতা নাই। প্ৰযুক্তিৰ সহায়ত কিৰণৰ ছবিত ফাতিমাৰ মুখ বহুৱাই দিয়া হৈছে।
ছবিখন আকাশ আম্বানি আৰু শ্লোকা মেহতাৰ বাগদান অনুষ্ঠানৰ। তাত একেলগে উপস্থিত আছিল আমিৰ-কিৰণ।











