![]()
নিউজ ডেস্কঃ
ৰাজস্থানৰ জয়ছলমীৰত দুৰ্ঘটনাগ্ৰস্ত হ’ল ভাৰতীয় বায়ুসেনাৰ MiG-21 বিমান।দুৰ্ঘটনাটোত মৃত্যু হৈছে উইং কামাণ্ডাৰ হর্ষিত সিনহাৰ। শুক্রবাৰে নিয়মমাফিক প্ৰশিক্ষণ চলি থকাৰ সময়তে ৰাজস্থানৰ জয়ছলমীৰত নিশা ৮.৩০ বজাত ভূপতিত হয় যুদ্ধবিমানখন। ভাৰতীয় বায়ুসেনাই নিশা ১০ বজাত দুর্ঘটনাৰ কথা প্ৰকাশ কৰে। ইয়াৰ পিছত নিশা ১০.৪৫ বজাত উইং কামাণ্ডাৰ হর্ষিত সিনহাৰ মৃত্যুৰ খবৰ চৰকাৰীভাবে ঘোষণা কৰা হয়।
তাৰ পিছতেই ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটে উইং কামাণ্ডাৰজনৰ পৰিয়ালৰ প্রতি সমবেদনা জনাই টুইট কৰে।











