নিউজ ডেক্স:
অভিনেতা ছলমান খান সৰ্পদংশনৰ বলি হয়।বাতৰি অনুসৰি, শনিবাৰে নিশা অভিনেতাগৰাকীক তেওঁৰ পানভেলৰ ফাৰ্ম হাউচত সাপে খোঁটে। লগে লগে তেওঁক নৱী মুম্বাইৰ কাবাদ অঞ্চলৰ এমজিএম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
২৭ ডিচেম্বৰত ৫৬ বছৰত ভৰি দিব বলিউডৰ চুপাৰষ্টাৰ ছলমান খান। কিন্তু তাৰ পূৰ্বেই সৰ্পদংশনৰ বাবে শনিবাৰে নিশা চিকিৎসাধীন হবলগা হয়।অৱশ্যে দেওবাৰে পুৱা ৯ বজাত অভিনেতাগৰাকীক চিকিৎসালয়ৰ পৰা ঘৰলৈ আহিবলৈ অনুমতি দিয়ে চিকিৎসকে।
বৰ্তমান অভিনেতা গৰাকী নিজৰ ফাৰ্ম হাউচত আছে আৰু সম্পূৰ্ণ সুস্থ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, খ্ৰীষ্টমাছৰ সন্ধিয়া উদযাপনৰ বাবে শনিবাৰে পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুৰ সৈতে পানভেলৰ ফাৰ্ম হাউচলৈ আহিছিল অভিনেতা ছলমান খান।চিকিৎসকে সদৰী কৰা মতে, ছলমান খান বৰ্তমান বিপদমুক্ত।