![]()
নিউজ ডেস্কঃ
৫৩ ছেকেণ্ডত ১০০টা খটখটী বগোৱাটো একো অসাধাৰণ কথা নহয় বুলি সকলোৱে ক’ব৷ কিন্তু সেয়া যদি সাধাৰণভাৱে ন’হৈ অসাধাৰণভাৱে হয়? তেনে এক অসাধাৰণ কামেৰেই এক অনন্য দৃষ্টান্ত গঢ়িলে দুই ভাতৃয়ে। এজন ভাতৃক মূৰত তুলি লৈ আন এজন ভাতৃয়ে মাত্র ৫৩ ছেকেণ্ডত বগালে ১০০টা খটখটী৷ ভিয়েটনামৰ বাসিন্দা উক্ত ভ্রাতৃদ্বয়ৰ এই কীর্তি এতিয়া গিনিছ বুকৰ ৰেকৰ্ডত। এটা স্পেনিছ গীর্জাৰ বাহিৰত এই কীৰ্তি স্থাপন কৰে ভাতৃদ্বয়ে।
পেছাত ছার্কাচ খেলুৱৈ দুই ভ্রাতৃ হৈছে জিয়াং কুওক কো (৩৭) আৰু জিয়াং কুওক এনগিপ (৩২)৷ ইয়াৰ পূৰ্বেও তেওঁলোকে ২০১৬ চনৰ ডিচেম্বৰত একেটা স্থানতে ৫২ ছেকেণ্ডত ৯০টা খটখটী বগাই ৰেকর্ড গঢ়িছিল। কিন্তু ২০১৮ চনত পেৰুৰ বাসিন্দা পাবলো নোনাটো পাণ্ডুৰো আৰু জোৱেল ইয়াইকেট ছাভেদ্রাই এই একেটা স্থানতে ৯১টা খটখটী বগাই এই যুটিটোৰ ২০১৬ চনৰ ৰেকর্ড ভংগ কৰিছিল। এইবাৰ ৫৩ ছেকেণ্ডত ১০০টা খটখটী বগাই উক্ত ৰেকৰ্ড পুনৰ হস্তগত কৰে ভাতৃদ্বয়ে৷











