![]()
নিউজ ডেস্কঃ
কেইমাহমান পিছতেই পঞ্জাব বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। তাৰ পূৰ্বে অনুষ্ঠিত হোৱা ৰাজ্যখনৰ ৰাজধানী চণ্ডীগড়ৰ পৌৰ নিৰ্বাচনত বৃহৎ আঘাত পালে ক্ষমতাসীন বিজেপিয়ে। ২০১৬ চনত কেন্দ্রশাসিত উক্ত অঞ্চল কলৈ গঠিত পৌৰসভাৰ ২৬টা ৱার্ডৰ ভিতৰত ২০টাত জয়লাভ কৰিছিল বিজেপিয়ে। এইবাৰ ৱার্ডৰ সংখ্যা বৃদ্ধি কৰি ৩৫ কৰিলেও গেৰুৱা শিবিৰৰ জোলোঙাত সোমায় মাত্র ১২খন।
আনহাতে, প্রথমবাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈয়েই চণ্ডীগড়ত চমকপ্রদ ফল লাভ কৰিছে আম আদমি পাৰ্টিয়ে। নিৰ্বাচন অনুষ্ঠিত হোৱা ৩৫টা ৱার্ডৰ ভিতৰত অৰবিন্দ কেজৰিৱালৰ দলে লাভ কৰিছে ১৪খন আসন। বিদায়ী পৌৰ নিগমৰ শাসকীয় দল বিজেপি জয়ী হৈছে ১২খনত। কংগ্রেছে ৮ আৰু শিৰোমণি অকালি দলে ১টা ৱার্ডত জয়লাভ কৰিছে। নিৰ্বাচনী ফলাফলৰ পিছতে কেজৰিৱালৰ টুইট, ‘‘চণ্ডীগড়ৰ পৌৰ নিৰ্বাচনত আম আদমি পার্টিৰ এই জয় পঞ্জাবত পৰিবর্তনৰ ইঙ্গিত।’
উল্লেখ্য, ২০১৬ চনৰ পৌৰ নিৰ্বাচনত চণ্ডীগড়ৰ ২৬টা ৱার্ডত শিৰোমণি অকালি দলৰ সৈতে জোঁট বান্ধি যুঁজিছিল বিজেপিয়ে। গেৰুৱা শিবিৰে লাভ কৰিছিল ২০টা ৱার্ড। সহযোগী শিৰোমণি আকালি দল জয়ী হৈছিল ১খনত। কংগ্রেছ ৪ আৰু নির্দলীয়ই ১খন আসন লাভ কৰিছিল।
অৱশ্যে ভোটৰ হিচাবত আবুৱাই থাকিলেও শেষ পর্যন্ত বিৰোধীয়ে পৌৰসভা দখল কৰিব পাৰিবনে নোৱাৰে, সেয়া এতিয়াও স্পষ্ট নহয়। কাৰণ কেন্দ্রশাসিত অঞ্চলটোত ৩৫টা ৱাৰ্ডত প্ৰত্যক্ষ নিৰ্বাচন হ’লেও লেফটেনেণ্ট গৱর্নৰৰ মনোনীত আসন আছে ১০খন। তেনে ক্ষেত্রত দল ভংগৰ ৰাজনীতিত ভিত্তি কৰি গেৰুৱা-শিবিৰে সংখ্যাগৰিষ্ঠতাত উফনীত হ’ব পাৰে বুলিও বহুতো ৰাজনৈতিক বিশ্লেষকৰ অনুমান।











