![]()
নিউজ ডেস্কঃ
মাদাৰ টেৰেছা প্রতিষ্ঠিত মিছনাৰিজ অব চেৰিটিৰ সকলো বেঙ্ক একাউণ্ট বন্ধ কৰি দিলে কেন্দ্রই। সূত্রৰ খবৰ অনুযায়ী, তদন্তৰ খাতিৰতেই একাউণ্টবোৰৰ আর্থিক লেনদেন বন্ধ কৰাৰ কথা জনাইছে কেন্দ্রই। অৱশ্যে এই বিষয়ত একো মন্তব্য কৰা নাই মাদাৰ হাউছৰ তৰফৰ পৰা৷
কোন তদন্তৰ প্রয়োজনত এই সিদ্ধান্ত সেয়া জানিব পৰা নগ’লেও সম্প্রতি গুজৰাটত এক বিতর্কত জড়িত হৈ পৰিছে মাদাৰ টেৰেছাৰ সংস্থাটো। ধর্মান্তৰকৰণৰ অভিযোগত মোদীৰ ৰাজ্যত মিছনাৰিজ অব চেৰিটিৰ বিৰুদ্ধে এফআইআৰো দাখিল কৰা হৈছে। গুজৰাটৰ ভদোদৰা চহৰত থকা সংগঠনটোৰ গৃহৰ বিৰুদ্ধে ধর্মান্তৰকৰণৰ লগতে হিন্দু ধর্মৰ ভাবাবেগত আঘাত হানা কাম কৰি অহাৰ অভিযোগ উঠিছে। অৱশে উক্ত অভিযোগ অস্বীকাৰ কৰিছে সংগঠনটোৱে।
পঞ্জাবৰ এগৰাকী যুৱতীক বলপূৰ্বক খ্ৰীষ্টান ধৰ্মৰ যুৱকৰ সৈতে বিয়া পাতি দিয়াৰো অভিযোগ উঠিছে ভদোদৰাৰ গৃহটোৰ বিৰুদ্ধে।
উল্লেখ্য, ১৯৫০ চনত কলকাতাত মাদাৰ টেৰেছাই মিছনাৰিজ অব চেৰিটি স্থাপন কৰিছিল। কলকাতাৰ লগতে ভাৰতৰ বিভিন্ন স্থান আৰু দেশৰ বাহিৰতো বহু স্থানত সক্রিয় চেৰিটি। ভাৰতত মুঠ ২৪৩টা গৃহ আছে সংস্থাটোৰ। অৱশ্যে কলকাতাৰ প্রধান কাৰ্যালয়ে আনুষ্ঠানিকভাৱে বেঙ্ক একাউণ্ট বন্ধ হোৱা সন্দৰ্ভত কোনো মন্তব্য কৰিব নিবিচাৰিলেও সংস্থাটোৰ এজন সদস্যই কয়, ‘‘সমগ্ৰ দেশ আৰু বিদেশত বহু সেৱামূলক কামাৰ সৈতে আমি জড়িত। হাজাৰ হাজাৰ অসুস্থ মানুহৰ সেৱা চলে। কিন্তু ইয়াৰ ফলত উক্ত ৰোগীসকলৰ খাদ্যৰ পৰা ঔষধ সৰবৰাহত সমস্যাৰ সন্মুখীন হ’ব।’’











