![]()
নিউজ ডেস্কঃ
ব্রিটেইনৰ পিছত এইবাৰ ফ্ৰান্সতো লেকামহীন কৰোনা সংক্ৰমণ৷ বৰদিনৰ পিছদিনাই ফ্রান্সত কৰোনাত আক্রান্ত হয় ১ লক্ষ ৪ হাজাৰ ৬১১ জন। বিগত দুবছৰৰ সংক্রমণৰ হিচাবত যিটো ৰেকর্ড। ২৩ ডিচেম্বৰত দৈনিক সংক্রমণ আছিল ৯৩ হাজাৰ ৬০৮। বৰদিনৰ পিছদিনাই সেয়া এক লাখৰ সীমা অতিক্ৰম কৰিলে।
সম্প্ৰতি সমগ্ৰ ইউৰোপতেই কৰোনা সংক্রমণ লেকামহীনভাৱে বৃদ্ধি পাইছে। দ্রুততাৰে এই পৰিমাণৰ সংক্রমণৰ নেপথ্যত অৱশ্যেই নতুন প্ৰজাতি ওমিক্রন। ইয়াৰ লগতে আছে পুৰণি ডেল্টাও। দুয়োটাৰে যুটীয়া আক্ৰমণত বিদ্ধ হৈছে ইউৰোপৰ দেশবোৰ। ফ্রান্স চৰকাৰে বুষ্টাৰ পালিৰ অনুমতি দিছে ইতিমধ্যেই। যিসকলৰ দুটা পালি সম্পূর্ণ হৈছে তেওঁলোকক দিয়া হৈছে বিশেষ অনুমতি-পত্ৰ। এই অনুমতি-পত্ৰ অবিহনে ৰেস্তোৰাঁ, বাৰ, চিনেমা হল বা থিয়েটাৰ ক’তোৱে প্রবেশ কৰিব নোৱাৰিব।
ফ্রান্সৰ বিভিন্ন চহৰে নিজাববীয়াকৈ লৈছে সাৱধানতাৰ পদক্ষেপ। অৱশ্যে ব্রিটেইন বৰ্তমানলৈকে সকলোতকৈ বেছি ক্ষতিগ্রস্ত। পুনৰ স্বাভাৱিক জনজীৱন ব্যাহত হৈছে দেশখনত। প্ৰতিদিনেই সংক্রমণ এক লাখৰ ওপৰত আছে। জনপ্রিয় ইংলিছ প্রিমিয়াৰ লিগৰ বেছিভাগ খেলেই স্থগিত ৰখা হৈছে।











