![]()
নিউজ ডেস্কঃ
খিৰিকী ক’লা কাঁচেৰে আবৰা এখন গাড়ী৷ যিখন এতিয়া দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নতুন বাহন, নতুন বর্ম। নাম ‘গার্ড’। মোদীৰ দখলত থকা কেইবাখনো বাহনৰ তালিকাত এইখন হৈছে নতুন সংযোজন। নিৰ্মাণ কৰিছে মাৰ্চিডিজে। গার্ডৰ সম্পূৰ্ণ নাম হৈছে মাৰ্চিডিজ–মে বেটচ এছ ৬৫০ গার্ড। এইখন হৈছে মাৰ্চিডিজৰ এছ ছিৰিজৰ শেহতীয়া মডেল। মূলত ৰাষ্ট্র প্রধানসকলেই হৈছে এছ ছিৰিজ গাড়ীৰ ক্রেতা। বিশেষজ্ঞসকলৰ মতে, এছ ছিৰিজৰ দৰে যাত্রীৰ নিৰাপত্তা খুব কম গাড়ীয়েহে দিব পাৰে।
মুখ্যমন্ত্রী হৈ থাকোতে মোদীৰ প্রথমে এখন বুলেটপ্রুফ মাহিন্দ্রা স্কর্পিও আছিল। ২০১৪ চনত প্রধানমন্ত্রী হোৱাৰ পিছত পুৰণি বাহন ত্যাগ। প্রধানমন্ত্রী মোদীৰ বাহন হয় বিএমডব্লিউৰ ছেভেন ছিৰিজৰ এখন গাড়ী। বিএমডব্লিউৰ উচ্চ নিৰাপত্তা সম্পন্ন গাড়ীবোৰৰ ভিতৰত এখন হৈছে এই গাড়ীখন। বিগত সাত বছৰত আৰু দুবাৰ গাড়ী সলনি কৰিছে মোদীয়ে। প্রথমে লেণ্ড ৰোভাৰৰ ৰেঞ্জ ৰোভাৰ ভোগ, তাৰ পিছত আন এখন। ‘গার্ড’ৰ পূৰ্বে মোদীৰ অন্তিমখন গাড়ী আছিল টয়োটাৰ লেণ্ড ক্রুজাৰ। এই গাড়ীখনৰ বৈশিষ্ট্য আছিল ১৬টা কেমেৰাৰে পৰ্যবেক্ষণ।
এছ ৬৫০ গার্ডৰ অন্যতম গুণ হ’ল গুলী মোকাবিলা কৰাৰ ক্ষমতা। গাৰ্ডে বর্মভেদী বুলেটকো ৰুধিব পাৰে। আনকি একে–৪৭ৰ গুলীৰ আঘাতো প্রতিহত কৰিব পাৰে মোদীৰ নতুন বাহনখনে। আনকি দুই মিটাৰ দূৰত্বৰ পৰা যদি কোনোৱে ১৫ কেজিৰ বিস্ফোৰকোও বিস্ফোৰণ ঘটায়, তেনেহ’লেও বনেটত এটি আঁচোৰো নপৰে ‘গার্ড’ৰ। এছ ৬৫০ৰ খিৰিকীৰ কাঁচৰ ভিতৰত আছে পলি কার্বোনেটৰ আৱৰণ। মাইনজাতীয় বিস্ফোৰণৰ পৰা বাচিবলৈ গাড়ীৰ তলৰ অংশতো আছে বিশেষ সুৰক্ষা বর্ম। যদি গেছ আক্ৰমণো হয়, তেতিয়াও আৰোহীয়ে বিশুদ্ধ বতাহ পোৱাৰ ব্যৱস্থা আছে গার্ডত। গাড়ীখনৰ ইঞ্জিন ৬.০ লিটাৰ টুইন টার্বো ভি ১২। যিয়ে ৫০০ হৰ্ছপাৱাৰ আৰু ৯০০ নিউটন মিটাৰ শক্তি উৎপাদন কৰিব পাৰে।
অৱশ্যে নিৰাপত্তাৰ কথা ভাবিয়েই গাড়ীখনৰ গতি নিয়ন্ত্রিত হ’ব ঘণ্টায় ১৬০ কিলোমিটাৰত। টায়াৰ পাংচাৰ কৰিও বিপদত পেলাব নোৱাৰিব গাড়ীখনক। কাৰণ গাড়ীখনৰ চাৰিওটা চকাই নিৰেট বা ফ্লেট টায়াৰ। নিশাৰ অন্ধকাৰত দূৰৈৰ পৰা যিকোনো বস্তুক চিনি পোৱাৰ ক্ষমতাও আছে গাড়ীখনৰ। আনকি চালকৰ ওলোটা দিশৰ পৰা যদি কোনোবাই গাড়ীখনত আক্ৰমণ কৰিব বিচাৰে, সেয়াও ধৰা পৰিব চালকৰ চকুত। ডাঙৰ দুর্ঘটনাৰ পৰা বাচিবলৈ গাড়ীখনৰ পিছৰ আসনতো আছে এয়াৰ বেগ সুৰক্ষা। আনকি ছীট বেল্টে যাতে বুকুৰ ওপৰত অতিৰিক্ত হেঁচা নিদিয়ে, তাৰ বাবে বেল্টৰ ভিতৰতো আছে এয়াৰ বেগ। এখন এছ ৬৫০ গার্ডৰ মূল্য ১২ কোটি টকা। প্রধানমন্ত্রীৰ নিৰাপত্তাৰ বাবে ক্ৰয় কৰা হৈছে দুখন গাড়ী। ইয়াৰ ভিতৰত এখন ব্যৱহাৰ কৰিব মোদীয়ে। আনখন থাকিব সম্ভাব্য আক্ৰমণকাৰীক বিভ্রান্ত কৰাৰ বাবে।











