![]()
নিউজ ডেস্কঃ
দিল্লীৰ কৰোনা পৰিস্থিতি উদ্বেগজনক। যাৰবাবে ‘হালধীয়া’ সতর্কতা জাৰি কৰিলে কেজৰিৱাল চৰকাৰে। বিগত দুদিন ধৰি পজিটিভিটি ৰেট ০.৫ শতাংশ। আজি দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে জনাইছে, ‘আমি ঠিক কৰিছিলো বিভিন্ন পেৰামিটাৰ অনুযায়ী ব্যৱস্থা লোৱা হ’ব। সেই অনুযায়ী হালধীয়া সতর্কতা জাৰি কৰা হ’ল।’
উল্লেখ্য, সোমবাৰে দিল্লীত কৰোনাত আক্রান্ত হৈছে ৩৩১ জন। যিটো ৯ জুনৰ পিছত সর্বাধিক। বিগত দুদিনত সংক্রমণৰ হাৰ যথাক্রমে ০.৬৮ শতাংশ আৰু ০.৫৫ শতাংশ।
দিল্লী চৰকাৰে ঘোষণা কৰিছে তলৰ বাধা-নিষেধবোৰ :
• দিল্লীত নৈশ সান্ধ্য আইন বলৱৎ থাকিব
• স্কুল-কলেজ বন্ধ থাকিব
• অত্যাৱশ্যকীয় পণ্যৰ দোকানৰ বাহিৰে শ্বপিং মল আদি যুগ্ম-অযুগ্ম পদ্ধতিতে এদিনৰ অন্তৰালত পুৱা ১০ টাৰ পৰা নিশা ৮টালৈ খোলা থাকিব
• ৫০ শতাংশ কর্মচাৰীৰে ব্যক্তিগত হস্পিটেল পুৱা ৯টাৰ পৰা বিয়লি ৫টা পর্যন্ত খোলা থাকিব
• স্পা, জিম, চিনেমা হল, প্ৰেক্ষাগৃহ বন্ধ
• ৰেষ্টুৰেণ্ট পুৱা ৮টাৰ পৰা নিশা ১০টা পর্যন্ত খোলা ৰাখিব পাৰে। বাৰ খোলা ৰাখিব পাৰে দুপৰীয়া ১২টাৰ পৰা নিশা ১০টা পর্যন্ত
• ৫০ শতাংশ যাত্রীৰে চলিব মেট্রো
• টেক্সি, অটো, ৰিক্সাত সর্বাধিক দুজন যাত্রী উঠিব পাৰিব, আন্তঃৰাজ্যিক বাছ ৫০ শতাংশ যাত্রীৰে চলাচলত অনুমতি
• বিবাহৰ অনুষ্ঠান আৰু শেষকৃত্যত সর্বাধিক ২০ জন উপস্থিত থাকিব পাৰিব
• ছুইমিং পুল, স্পর্টছ কমপ্লেক্স বন্ধ থাকিব
• ধর্মীয় স্থান খোলা থাকিব। কিন্তু ভক্তসকলৰ প্রবেশত নিষেধাজ্ঞা।











