![]()
নিউজ ডেস্কঃ
ক্রমাৎ প্ৰকৃত ৰং দেখুৱাবলৈ আৰম্ভ কৰিছে আফগানিস্তানৰ তালিবান চৰকাৰে। নাৰী স্বাধীনতা, আধুনিক শিক্ষা, উদাৰ নীতি ইত্যাদিৰ কথা কৈ বহির্বিশ্বৰ সন্মুখত নিজৰ ‘ভেলিডিটি’ প্রমাণ কৰিব বিচাৰিছিল তেওঁলোকে। তাত অৱশ্যে সন্দেহ প্রকাশ কৰিছিল বহুতেই। সেই সন্দেহ যে অমূলক নহয় সেয়া পুনৰবাৰ প্রমাণ হ’ল। তালিবানৰ নতুন নির্দেশনাত ফতোৱা দিয়া হৈছে যে দূৰণিবটীয়া যাত্রাত অকলে যাব নোৱাৰিব আফগান নাৰীসকল। তেওঁলোকৰ সৈতে অৱশ্যেই এজন ঘনিষ্ঠ আত্মীয় পুৰুষ সঙ্গী থাকিব লাগিব।
দেশৰ মানুহৰ পাপ আৰু পুণ্যৰ বিচাৰ কৰিবলৈ, এই সংক্রান্তীয় নিয়মাৱলী সৃষ্টি কৰিবলৈ এটি পৃথক মন্ত্ৰালয় গঠন কৰিছে তালিবান চৰকাৰে। তাৰ নাম ‘প্রমোচন অব ভার্চু এণ্ড প্রিভেনচন অব ভাইচ’। পাপ-পুণ্যৰ নিয়ামক এই মন্ত্ৰালয়েই মহিলাসকলক অক লেঅকলে দূৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰিছে। আনকি দেশজুৰি গাড়ীৰ মালিক আৰু চালকসকলক কোৱা হৈছে যে মূৰ ঢকাকৈ পোছাক নিপিন্ধিলে মহিলাসকলক গাড়ীত নুতুলিবলৈ।
মন্ত্ৰালয়ৰ মুখপাত্র চাদেক আকিফ মুহাজিৰে সংবাদ সংস্থা এএফপিক জনোৱা মতে, ৪৫ মাইল বা ৭২ কিঃমিঃৰ বেছি দূৰত্ব ভ্রমণ কৰিবলৈ গ’লেই মহিলাসকলৰ সৈতে ৰাখিব লাগিব এজন বিশ্বাসযোগ্য পুৰুষ সঙ্গীক। নহ’লে কোনো ধৰণৰ যান-বাহনতে উঠিবলৈ দিয়া নহ’ব। অৱশ্যে মানৱ অধিকাৰ সংগঠনবোৰ স্বাভাৱিকতেই ইয়াৰ ফলত গৰজি উঠিছে।











