![]()
নিউজ ডেস্কঃ
ভাৰতীয় শাস্ত্রীয় সঙ্গীত আৰু সঙ্গীত শিল্পীসকলৰ প্রতি বিশেষ সন্মান জ্ঞাপনৰ বাবে নতুন উদ্যোগ আইচিচিআৰৰ। ধর্মীয়-সামাজিক জগতৰ গুৰুত্বপূর্ণ অংশ হ’ল সঙ্গীত। ‘ইণ্ডিয়ান কাউন্সিল অব কালচাৰেল ৰিছার্চ’ চমুকৈ ঐইচিচিআৰৰ আবেদনত সন্মতি জনাই ভাৰতীয় বিমান কোম্পানীবোৰক বিমানবন্দৰ চৌহদত আৰু বিমানত ভাৰতীয় সঙ্গীত বজোৱাৰ নির্দেশ দিলে কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে।
মন্ত্ৰালয়ৰ যুটীয়া সচিব ঊষা পাধিৰে এই সন্দৰ্ভত কয়, বিভিন্ন দেশে তেওঁলোকৰ নিজৰ সংস্কৃতিক দাঙি ধৰাৰ বাবে বিমানবন্দৰত দেশীয় সঙ্গীত বজায়। যেনে আমেৰিকাত জাজ, অষ্ট্ৰিয়াৰ বিমানবন্দৰত মোজার্ট, মধ্য প্রাচ্যৰ দেশত আৰব সঙ্গীত বজোৱা হয়। কিন্তু ভাৰতৰ চৰকাৰী, বেচৰকাৰী বিমান কোম্পানী বা বিমানবন্দৰত এ নেধৰণৰ উদ্যোগ লোৱা হোৱা নাই। অথচ ভাৰতৰ ঐতিহ্য আৰু সংস্কৃতিৰ বাবে গৌৰৱবোধ কৰে সকলোৱেই।
আইচিচিআৰে বিমান পৰিবহণ মন্ত্ৰালয়ক আবেদন জনাইছে যে যাতে বিমানবন্দৰ আৰু সকলো বিমান কোম্পানীত ভাৰতীয় সঙ্গীত বজোৱা হয়। যোৱা ২৩ ডিচেম্বৰত তেওঁলোকে অসামৰিক বিমান পৰিবহণ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়ালৈ এই বিষয়ত পত্ৰ লিখে।











