![]()
নিউজ ডেস্কঃ
মঙ্গলবাৰে আছিল ‘ৰিলায়েন্স ফেমিলি ডে’। কোম্পানীটোৰ প্রতিষ্ঠাতা ধীৰুভাই আম্বানিৰ জন্মদিন উপলক্ষে প্রতি বছৰেই পালিত হয় উক্ত দিনটো। উক্ত অনুষ্ঠানতেই মুকেশ আম্বানিয়ে কয়, ‘ডাঙৰ স্বপ্ন হওক বা অসম্ভৱ লক্ষ্য পূৰণ, ইয়াৰ বাবে প্রয়োজন সঠিক ব্যক্তি আৰু সুযোগ্য নেতৃত্ব। ৰিলায়েন্সে এই মুহূর্তত গুৰুত্বপূর্ণ নেতৃত্বৰ পৰিবর্তনৰ প্রক্রিয়াত আছে।’
ইয়াৰ পিছতেই প্রশ্ন উঠিছে, ৰিলায়েন্সৰ অধ্যক্ষ পদ এৰিবলৈ ওলাইছে নেকি মুকেশ আম্বানিয়ে? আৰু যদি এৰে, তেনেহ’লে তেওঁৰ উত্তৰসূৰী হিচাবে কোনে পাব সেই দায়িত্ব? মুকেশ আম্বানিয়ে অৱশ্যে কৈছে, ‘মই নিশ্চিত যে আকাশ, ঈশা আৰু অনন্ত আগন্তুক দিনৰ নেতা হিচাবে আগবাঢ়ি আহিব আৰু ৰিলায়েন্সক নেতৃত্ব দি আৰু উচ্চ স্থানলৈ লৈ যাব।’ তেওঁৰ মন্তব্যৰ পৰা পৰিষ্কাৰ যে তেওঁ পৰিয়ালৰ সদস্যদসকলকেই নেতৃত্বত চাবলৈ বিচাৰে।











