![]()
নিউজ ডেস্কঃ
সুৰাপ্রেমীসকলৰ বাবে আনন্দৰ খবৰ দিলে অন্ধ্রপ্রদেশ বিজেপিৰ সভাপতি সোমু বীৰৰাজুই।
“আপোনালোকে ভোট দিয়ক, আমি সস্তাত মদ দিম৷” এক জনসভাত এনই বিচিত্র প্রস্তাৱ সভাপতিগৰাকীৰ। লগতে তেওঁৰ দাবী, গেৰুৱা শিবিৰে যদি এক কোটি ভোট পায়, তেনেহ’লে মদ পাব ৭০ টকাত। কেৱল তাতেই শেষ নহয়। তেনে হ’লে ৫০ টকাও হ’ব পাৰে মদৰ দাম।
এই প্রতিশ্রুতিক কেন্দ্ৰ কৰিয়েই এতিয়া হুলস্থুল লাগি গৈছে অন্ধ্ৰপ্ৰদেশত। উল্লেখ্য, মঙ্গলবাৰে এক জনসভাত সোমু বীৰৰাজুই ৰাজ্যৰ জগন্মোহন ৰেড্ডি চৰকাৰক আক্ৰমণ কৰি অভিযোগ কৰে যে এই মুহূর্তত মদৰ বটলৰ দাম ২০০ টকা। অথচ মদৰ মান অত্যন্ত বেয়া। তেওঁলোকৰ চৰকাৰ ক্ষমতালৈ আহিলে পৰিস্থিতি সলনি হৈ যাব। ইয়াৰ পিছতেই তেওঁৰ আবেদন, ‘বিজেপিক এক কোটি ভোট দিয়ক। আমি আপোনালোকক ৭০ টকাত মদৰ ব্যৱস্থা কৰি দিম। লভ্যাংশ কম ৰাখিলে ৫০ টকাতো পাব পাৰে।’











