![]()
নিউজ ডেস্কঃ
ওমিক্রনৰ আগমনত কোভিডৰ তৃতীয় ঢৌৰ আতঙ্কত কঁপিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়। কানপুৰ আইআইটিসহ একাধিক বিশেষজ্ঞ সংস্থাই ইতিমধ্যে জনাইছে যে ফেব্রুৱাৰী মাহত তৃতীয় ঢৌৰ সর্বোচ্চ প্রকোপ দেখা দিব। ইয়াৰ মাজতে মহাৰাষ্ট্রৰ কোভিড টাস্কফৰ্চৰ সদস্য ডাঃ ৰাহুল পণ্ডিতে জনাইছে, মুম্বাই আৰু দিল্লীত বিক্ষিপ্তভাবে ‘থার্ড ওয়েভ’ আৰম্ভ হৈ গৈছে। জিনোম চিকোয়েন্সিং ৰিপোর্ট এতিয়াও সম্পূর্ণ হোৱা নাই যদিও কোভিড-১৯ৰ ঢৌ ভাৰতলৈ ঘূৰি আহিছে।
ডাঃ পণ্ডিতে লগতে কয়, ‘যি গতিত সংক্রমণ দুগুণ হৈছে তাত ওমিক্রনৰ উপস্থিতিয়েই পোৱা গৈছে। আমি এই পৰ্যন্ত শেহতীয়া কিছু দিনৰ জিনোম চিকোয়েন্সিং ৰিপোর্টৰ বাবে অপেক্ষা কৰিছো। তাৰ পৰা ওমিক্রনৰ উপস্থিতিৰ হাৰ জানিব পৰা যাব। এই মুহূর্তত অনুমান হৈছে যে ডেল্টা আৰু ওমিক্রনৰ মিলনত সংক্রমণ বাঢ়িছে।’











