![]()
নিউজ ডেস্কঃ
মহাত্মা গান্ধী সন্দৰ্ভত কুৰুচিকৰ মন্তব্য কৰা স্বয়ম্ভূ ধর্মগুৰু কালীচৰণ মহাৰাজক মধ্যপ্রদেশৰ খাজুৰাহোত গ্রেপ্তাৰ কৰে ছত্তিশগড় আৰক্ষীয়ে। অৱশ্যে এই গ্রেপ্তাৰীক লৈ ক্ষুণ্ণ মধ্যপ্রদেশৰ বিজেপি চৰকাৰ। ৰাজ্যখনৰ গৃহ বিভাগৰ মন্ত্রী নৰোত্তম মিশ্রৰ অভিযোগ, আন্তঃৰাজ্যিক প্রটোকল ভংগ কৰি গ্রেপ্তাৰ কৰা হৈছে অভিযুক্ত ধর্মগুৰুজনক। কালীচৰণৰ বিৰুদ্ধে অভিযোগ আছিল মহাত্মা গান্ধীক অপমান তথা অৱমাননাৰ। ছত্তিশগড়ৰ ৰায়পুৰৰ ‘ধর্ম সংসদ’ত গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেৰ প্রশংসা কৰিছিল কালীচৰণে।
দেওবাৰে অভিযুক্ত ধর্মগুৰুজনৰ গান্ধীজী সন্দৰ্ভত কৰা কুৰুচিকৰ মন্তব্যৰ বাবে ধর্ম সংসদৰ প্রধান পৃষ্ঠপোষক মহন্ত ৰামসুন্দৰ দাসে অনুষ্ঠান এৰি গৈছিল। পিছদিনা কালীচৰণ মহাৰাজৰ বিৰুদ্ধে সাম্প্রদায়িক সম্প্রীতি ভঙ্গৰ অভিযোগত গোচৰ ৰুজু হয়। স্বঘোষিত ধর্মগুৰুজনৰ বিৰুদ্ধে দেশদ্রোহৰ অভিযোগ আনে ছত্তিশগড়ৰ কংগ্রেছ নেতা মোহন মাৰকামে। অৱশেষত ছত্তিশগড় আৰক্ষীয়ে গ্রেপ্তাৰ কৰে অভিযুক্ত কালিচৰণক।











