ষ্টাফ ৰিপ’ৰ্টাৰ
বছৰৰ বিদায়, নৱবর্ষ আদৰণি আনন্দত পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰা উদ্দেশ্য আগত ৰাখি আজি পুৱা কামৰূপ(ম) জিলা পৰিবহণ বিভাগে আয়োজন কৰে এক পথ সুৰক্ষা সভা আৰু সজাগতামূলক শোভাযাত্ৰা। নেহেৰু ষ্টুডিয়ামৰ পৰা জিএছৰোডে লখৰাস্থিত ডি.টি.অ কাৰ্যালয়লৈ উলিওৱা হয় শোভাযাত্ৰা। শোভাযাত্ৰাত প্ৰায় ১০০খনতকৈ অধিক চাৰিচকীয়া বাহন আৰু মটৰ চাইকেলে অংশ লয়।
উল্লেখ্য, ৩১ ডিচেম্বৰ অৰ্থাৎ আজি আৰু শনিবাৰে দুৰ্ঘটনামুক্ত অসম গঢ়াৰ শ্লোগানেৰে এই পথ সুৰক্ষা সজাগতামূলক যাত্ৰা উলিওৱা হয় । শোভাযাত্ৰাৰ আৰম্ভণিত উপস্থিত থাকে পৰিবহণ বিষয়া গৌতম দাস, মহানগৰী যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত, লক্ষ্য কোঁৱৰ। সজাগতামুলক ৰেলি ফ্লেগ অফ কৰে যুটীয়া আৰক্ষী আয়ুক্ত মহন্তই।
মদ্যপান কৰি যাতে কোনেও গাড়ী নচলায় তাৰ আহ্বান জনাই জিলা পৰিবহণ বিষয়া দাসে। সুৰাপান কৰি গাড়ী চলালে ১০ হাজাৰ জৰিমনা লগতে ৬মাহ পয্যন্ত কাৰাবাস হ’ব পাৰে।
ইফালে সুৰাপায়ীক সাৱধান হোৱা আহ্বান জনায় যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তই কয়- DJ LOCKUPৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। সুৰাপান কৰি গাড়ী চলালে হ’ব লাগিব DJ LOCKUPৰ আলহী। আৰক্ষী আতিথ্য গ্ৰহণ কৰিব লাগিব ৩১ ডিচেম্বৰ সম্পূৰ্ণ ৰাতি। পথ দুৰ্ঘটনা ৰোধ কৰা বাবে আজি মহানগৰীৰ অলিয়ে গলিয়ে চলিব অভিযান।