ষ্টাফ ৰিপ’ৰ্টাৰ
নৱবর্ষ উদযাপনৰ সময়ত ৰাজ্যত দুর্ঘটনা নিয়ন্ত্ৰণৰ মুখ্যমন্ত্ৰী কঠোৰ প্রদক্ষেপ সফল কৰা বাবে সমগ্ৰ ৰাজ্যত ৩১ডিচেম্বৰ নিশা অব্যাহত থাকিল আৰক্ষী তালাচী অভিযান।কামৰূপ মহানগৰতো শুকুৰবাৰে দেখা গ’ল পূৰ্বতে নেদেখা আৰক্ষী কটকটীয়া তালাচী অভিযান। সুৰাপান কৰি বাহন চলোৱা চালকৰ বিৰুদ্ধে ৫৫টা স্থানত আৰক্ষীয়ে চলাই অভিযান। মহানগৰবাসীৰ সঁহাৰিৰ ফলত ৩১ ডিচেম্বৰ নিশা দুৰ্ঘটনামুক্ত হ’ল। মুখ্যমন্ত্ৰীৰ আহ্বান লৈ দিয়া ইতিবাচক সঁহাৰিৰ বাবে ৰাইজক ধন্যবাদ জনাই যুটীয়া আৰক্ষীৰ আয়ুক্ত পাৰ্থ সাৰথি মহন্তই। পানবজাৰ যান-বাহন আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ৩১ ডিচেম্বৰৰ নিশা আইন-শৃংখলা পৰিস্থিতি দাঙি ধৰি কয়- ১১৫টা সুৰাপান কৰি বাহন চলোৱা ঘটনা ধৰা পৰাৰ লগতে ৬৩ খনকৈ চালকৰ অনুজ্ঞাপত্ৰ বাতিল হোৱাৰ উপৰিও ৫২ খন বাহন জব্দ হৈছে। মহন্তই জানিবলৈ দিয়া মতে ২০২০চনৰ ৩১ডিচেম্বৰত ৭টা পথ দুৰ্ঘটনাত ৫ গৰাকী মহানগৰত আঘাতপ্ৰাপ্ত হৈছিল।
ৰহস্যজনক কথা যুটীয়া আৰক্ষী আয়ুক্ত মহন্তই ৩১ডিচেম্বৰ নিশা দুর্ঘটনামুক্ত হোৱা বুলি দাবী কৰা সময়তে ৰাজ্য স্বাস্থ্য বিভাগৰ ১০৮ মৃত্যুঞ্জয় সেৱাই মুঠ ৭টাকৈ দুর্ঘটনা কামৰূপ(ম) হোৱা বুলি উল্লেখ্ কৰে । ৪টা সোণাপুৰ বিপৰীতে গড়চুক, আজাৰা, তেঁতেলীয়াত ১টাকৈ সংঘটিত হয় দুর্ঘটনা।
উল্লেখ্য, জিলাখনত ডিচেম্বৰ মাহত ১২১৬৪টা হেলমেট পৰিধান নকৰা ঘটনা ধৰা পৰিছে। একেদৰে যোৱা ২২-৩১ ডিচেম্বৰলৈ ৬৩৮টাকৈ কেচ হৈছে- মহন্তই কয়।
যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে জানিব দিয়া মতে-যানবাহন আইন ভংগকাৰী পৰা ২০২১বৰ্ষ পহিলা জানুৱাৰী পৰা জুলাইলৈ ১কোটি ২০লাখ টকা সংগ্ৰহ হৈছিল।তাৰ বিপৰীতে আগষ্ট-নৱেম্বৰ মাহলৈ ৩ কোটি ৪০ লাখ আৰু ডিচেম্বৰ মাহত ৪ কোটি ৪০ লাখ জৰিমনা সংগ্ৰহ হয়।
আনহাতে, ২০১৮ চনত কামৰূপ মহানগৰত পথ দুৰ্ঘটনাত ২৫৮টা মৃত্যু বিপৰীতে ৭৭৫ আঘাতপ্ৰাপ্ত হৈছিল। ২০১৯ চনত ৮৩৬জন আৰু ২০২০ চনত ৫৮৩জন ব্যক্তি আঘাতপ্ৰাপ্ত হৈছিল। ২০২১ চনত ২৪৭জন পথ দুৰ্ঘটনাত মৃত্যু হয় বুলিও মহন্তই জানিবলৈ দিয়ে।