![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পশ্চিম কাৰবি আংলং : বিগত বৰ্ষৰ শেষৰ আৰু নৱবৰ্ষৰ প্ৰথম দিনটোত ৰাজ্যত দুৰ্ঘটনামুক্ত কৰাৰ চৰকাৰৰ যাৱতীয় প্ৰচেষ্টা অসাৰ হ’ল ৷ পশ্চিম কাৰবি আংলঙৰ বৈঠালাংছ’ত পথ দুৰ্ঘটনাত থিতাতে নিহত হ’ল দুই মটৰ চাইকেল আৰোহী ৷ প্ৰাপ্ত খবৰ অনুসৰি নতুন বছৰৰ প্ৰথম দিনটোতেই বৈঠালাংছ’ত সংঘটিত হৈছে এই ভয়াবহ দুৰ্ঘটনা ৷
বলেৰ’ পিকআপ বাহনত পিছফালৰ পৰা দ্ৰুতবেগী বাইকে তীব্ৰ বেগত খুন্দিওৱাৰ ফলত অকালতে প্ৰাণ হেৰুাবলগীয়া হ’ল দুজন লোকৰ৷ জানিব পৰা মতে এখন বাইকখনত উঠি গৈ আছিল তিনিজনকৈ লোক ৷ নিহত এজন চি-ইম ৰংপী, আনজন চিনাক্ত হোৱা নাই৷ ইয়াৰে গুৰুতৰভাৱে আহত তৃতীয়জন বাইক আৰোহী ইমছ’ ৰংফাৰ ৷ বৈঠালাংছ’ আৰক্ষী থানাৰ পৰা মাত্ৰ ৫০০ মিটাৰ দুৰত্বত সংগঠিত হৈছে এই দুৰ্ঘটনা ৷












