![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আজিত ডিফুত এক সংবাদ মেল অনুষ্ঠিত কৰি লাহৰিজানৰ দুদু ক’লনিত অলপতে হৈ যোৱা উচ্ছেদ অভিযানত সকলোৰে সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে ৷ লাহৰিজানৰ খান বস্তিতো চলিত মাহতে পুনৰ উচ্ছেদ অভিযান চলোৱা হ’ব বুলি সংবাদ মেলত সদৰি কৰে ডাঃ তুলিৰাম ৰংহাঙে ৷ কাইলৈ পৰিষদৰ ভূমি আৰু ৰাজহ বিভাগৰ বিভাগীয় কৰ্তপক্ষৰ সৈতে আলোচনাত বহি খান বস্তিত কিমান লোকৰ পট্টা আছে আৰু কিমান লোকৰ নাই তাক নিশ্চিত কৰি খান বস্তিত বসতি স্থাপন কৰা অবৈধ বেদখলকাৰীক ১৫ দিনৰ বাবে জাননী জাৰি কৰি উচ্ছেদ কৰা হ’ব বুলি মন্তব্য কৰে ৷ উচ্ছেদিত উক্ত এলেকাসমূহত উদ্যাণ নিৰ্মাণ কৰাৰ লগতে, কেইবাখনো বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে ভূমি আৱণ্টন দিয়া হ’ব বুলি কয় ৰংহাঙে ৷
অৱশ্যে উক্ত এলেকাত অবৈধভাবে বেদখল কৰি থকা যিকোনো সম্প্ৰদায়কে উচ্ছেদ কৰা হ’ব বুলি জনায়, মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে৷












