![]()
নিউজ ডেস্কঃ
কোভিডৰ তৃতীয় ঢৌ আহি গৈছে। বিয়পি পৰিছে চতুর্দিশে। প্রতিদিনে দাবানলৰ দৰে বাঢ়িছে সংক্রমণ। কোভিডৰ এই তৃতীয় ঢৌত সংক্রমিতৰ তালিকাত আছে বহু খ্যাতনামা ব্যক্তিও। মঙ্গলবাৰে প্রাক্তন কেন্দ্রীয় মন্ত্রী আৰু সঙ্গীতশিল্পী বাবুল সুপ্রিয়ই জনাইছে, তেওঁ সপৰিয়ালে কোভিড আক্রান্ত। কোভিড আক্রান্ত তেওঁৰ কর্মচাৰীসকলো। ইয়াকে লৈ তেওঁ তিনিবাৰ কোভিড আক্রান্ত হ’ল। একেই দিনাই কোভিড পজিটিভ ৰিপোর্ট আহিছে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল আৰু প্রাক্তন ক্রিকেটাৰ তথা পশ্চিমবঙ্গৰ প্রাক্তন মন্ত্রী লক্ষ্মীৰতন শুক্লাৰো।

আক্রান্ত এইসকল ব্যক্তিৰ অধিকাংশই সম্প্ৰতি ঘৰতেই কোৱাৰেণ্টাইনত আছে। বহুতেই উপসর্গহীন। অৱশ্যে সোমবাৰে কোভিড পজিটিভ হোৱাৰ পিছত হস্পিটেলত ভর্তি কৰোৱা হৈছে প্রবীণ বলিউড অভিনেতা প্রেম চোপ্ৰাক। তেওঁৰ পত্নীও একেদিনাই কোভিড পজিটিভ হৈ হস্পিটেলত ভৰ্তি। হস্পিটেলত ভর্তি হ’বলগা হৈছিল ভাৰতীয় ক্রিকেট বোর্ডৰ সভাপতি সৌৰভ গাংগুলী। বৰ্তমান তেওঁ ঘৰতে কোৱোৰেণ্টাইনত আছে।

এই মুহূর্তত কৰোনা আক্রান্তসকলৰ ভিতৰত আছে বলিউডৰ বহুকেইগৰাকী তাৰকা৷ আছে আন্তর্জাতিক ফুটবল তাৰকা মেছি, প্রাক্তন ফুটবল তাৰকা ব্রাজিলৰ ৰোনাল্ডো। বলিউডৰ তাৰকাসকলৰ ভিতৰত হৈছে অৰ্জুন কাপুৰ, একতা কাপুৰ, জন আব্ৰাহাম, নোৰা ফাতেহি আদি৷ আটাইকেইগৰাকীয়ে নিজৰ নিজৰ ঘৰত কোৱাৰেণ্টাইনত আছে৷













