ডিজিটেল বাৰ্তা, গোলাঘাটঃ গোলাঘাটত ভয়াৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে৷ জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈ মৃত্যু হল মাৰজিয়া খাটুন নামৰ এটি ছয় বছৰীয়া শিশু। উৰিয়ামঘাটৰ ১নং মধুপুৰৰ কণমানিজনীয়ে যোৱা ৬ জুলাই পৰা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ আই চি ইউ কক্ষত চিকিৎসাধীন আছিল।ইফালে চিকিৎসালয় খনত জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈ আৰু তিনিটা শিশু চিকিৎসাধীন হৈ আছে বুলি জনা গৈছে৷













