![]()
নিউজ ডেস্কঃ
অহা ৬ আৰু ৭ জানুৱাৰীত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষ ছুটিৰ দিন ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে৷ উক্ত দিন দুটাত ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীক নিজৰ পিতৃমাতৃ অথবা শহুৰ-শাহুৰ লগত থাকি শুশ্ৰূষা কৰাৰ নিৰ্দেশ দিছিল ৰাজ্য চৰকাৰে৷ কিন্তু উক্ত ছুটিৰ দিনৰ কিছু সালসলনি ঘটাইছে শিক্ষা বিভাগে৷ শিক্ষা বিভাগে এক বিশেষ জাননীযোগে জানিবলৈ দিছে যে অহা ৬ আৰু ৭ জানুৱাৰীত শিক্ষকসকলৰ বিশেষ ছুটি বাতিল কৰা হৈছে। তাৰ বিপৰীতে তেওঁলোকে এই ছুটী ল’ব পাৰিব অহা ১২ আৰু ১৩ জানুৱাৰী তাৰিখে৷ উক্ত দুদিন বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী বিদ্যালয়।













