![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
গোলাঘাটৰ কানাইঘাটত কাম কৰিবলৈ গৈ হাতীৰ গছকত মৃত্যু লংকাৰ নখুটী জানজুৰ দুই ব্যক্তি। যোৱা দেওবাৰে নিশা সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো। মৃত দুই ব্যক্তিৰ নাম ক্ৰমে ইছলাম উদ্দিন আৰু আকৱৰ আলী। আজি দুই মৃতদেহ নখুটীৰ জানজুলৈ অনাত ধৰ্মীয় ৰীতি-নীতি অনুসৰি সৎকাৰ কৰা হয়। উল্লেখ যে, দুই মৃত ব্যক্তি পৰিয়াল দুটাৰ আছিল একমাত্র উপাৰ্জন সম্বল। দুই মৃতকৰ পৰিয়াললৈ চৰকাৰী সাহায্য দিয়াৰ আহ্বান স্হানীয় ৰাইজৰ।












