![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ লামডিঙত প্ৰতিদিনে কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাক লৈ উদ্বিগ্নতাৰ সৃষ্টি হৈছে। প্ৰশিক্ষণ গ্ৰহণৰ বাবে বহিঃৰাজ্যৰ পৰা অহা ৰে’ল আৰক্ষী বেটেলিয়নৰ জোৱানৰ অসাৱধানতাৰ ফলত ৰে’ল নগৰীখনত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰৱৰ্তী পৰ্যায়ত শেহতীয়াকৈ তিনি দিনৰ ভিতৰত চহৰখনত ৰোগীৰ সংখ্যা ৫৮লৈ বৃদ্ধি পাইছে। কেৱল আৰ পি এছ এফ বেটেলিয়নৰ জোৱানেই নহয়, কেইবাজনো ৰে’ল কৰ্মচাৰীও এই ৰোগত আক্ৰান্ত হৈছে।
আনহাতে লামডিঙত ক’ভিডৰ প্রাদুর্ভাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গণসংক্রমণ ৰোধ কৰাৰ উদ্দেশ্যে হোজাই জিলা প্রশাসনে কেতবোৰ জৰুৰী নিৰ্দেশ জাৰি কৰিছে। ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰা তথা ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে লামডিঙৰ ছখন শিক্ষানুষ্ঠান বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি আজি ৫ জানুৱাৰীৰ পৰা অহা ১১ জানুৱাৰী পর্যন্ত লামডিঙৰ কেন্দ্ৰীয় বিদ্যালয়, বীণাপাণি এল পি স্কুল, প্রণবানন্দ বিদ্যামন্দিৰ, ৰে’লৱে হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু দক্ষিণ লামডিং হাইস্কুল বন্ধ ৰখাৰ বাবে নির্দেশ দিয়া হৈছে। এই সম্পৰ্কে হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে জানিবলৈ দি কয় যে লামডিং ৰেল ষ্টেচনকে ধৰি আজি বিভিন্ন স্থান পৰিদৰ্শন কৰি আহি কাইলৈৰ পৰা ৰে’ল ষ্টেচনত প্ৰতিগৰাকী যাত্ৰীৰ ক’ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।












