![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যবাসীক লজ্জিত কৰা এটা খবৰ। পদ্মশ্ৰী বঁটা প্ৰাপ্যক তথা উদ্ভাৱক, বিজ্ঞানী উদ্ধৱ ভৰালী বিৰুদ্ধে যৌন নিৰ্যাতনৰ গুৰুত্বৰ অভিযোগ। এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱা অভিযোগ ভঁৰালী বিৰুদ্ধে। POCSO আইনৰ অধীনত ভঁৰালী বিৰুদ্ধে যোৱা ১৭ ডিচেম্বৰত উত্তৰ-লখিমপুৰ থানাত গোচৰ ৰুজু হৈছিল। নৰ্থ লখিমপুৰ আৰক্ষী থানাৰ ১৩৩২/২১ নম্বৰত ৰুজু হোৱা গোচৰটোত POSCO আইনৰ ৩৫৪১/৩৭৬(আই)/৩৭৬(জে)/৩৭৬ (কে) ধাৰা সংলগ্ন হৈছিল। কিন্তু গোচৰটোত গ্ৰেপ্তাৰ হোৱা ভয়ত যোৱা ২৮ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত এ.বি/৪৪১৪/২০২১নম্বৰত ভঁৰালীয়ে অন্তৱৰ্তীকালীন জামিন লাভ কৰে।
উল্লেখ্য যে, অভিযোগ মতে বিজ্ঞানী উদ্ধাৱকগৰাকীয়ে শিশু সমিতিৰ পৰা এবছৰৰ পূৰ্বে এগৰাকী নাবালিকাক তুলনীয়া কন্যা হিচাপে লৈছিল। সেই কন্যাগৰাকীক যৌন নিৰ্যাতন চলোৱা অভিযোগ ভঁৰালী বিৰুদ্ধে।
আনহাতে, লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ বিচিত্রা দত্তই সমগ্ৰ ঘটনা সন্দৰ্ভত মন্তব্য কৰি কয়-পদ্মশ্ৰী উদ্ধৱ ভৰালী বিৰুদ্ধে উঠা অভিযোগ লাভ কৰা পিছতে সত্য-সত্যতা নিৰূপণৰ বাবে তদন্ত কৰিলোঁ। সমগ্ৰ তদন্তৰ পাছতে এক প্ৰতিবেদন লখিমপুৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰত দাখিল কৰা হয়। আৱেদনখন আৰক্ষীলৈ তদন্ত বাবে প্ৰেৰণ কৰে দণ্ডাধীশগৰাকীয়ে। প্ৰাথমিক তদন্তত মৰ্মে মেডিকেল পৰীক্ষাত তথ্য প্ৰমাণ লাভ কৰা বুলিও দত্তই জানিবলৈ দিয়ে।













