ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ সমগ্ৰ ৰাজ্যৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ হামৰেণটো আজি গোর্খা সকলে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্য্যসূচী। এন আৰ চি ৰ পৰা ষড়যন্ত্ৰমূলক ভাবে ২ লাখ গোর্খা লোকক বঞ্চিত কৰাৰ অভিযোগত আৰু প্ৰতিজন গোৰ্খাৰ নাম বিনাচৰ্তে এন আৰ চি ত অন্তৰ্ভূক্তিৰ দাবীত আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

হামৰেণস্থিত পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত আজি দুপৰীয়া ১২ বজাৰ পৰা ২ বজালৈ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে গোর্খা জনগোষ্ঠীয় দল সংগঠনে। সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা উক্ত প্ৰতিবাদী
কাৰ্যসূচীত, অসম গোৰ্খা সন্মিলন কাৰ্বি আংলং জিলা সমিতি,অসম নেপালী সাহিত্য সভা কাৰ্বি আংলং জিলা সমিতি, ভাৰতীয় গোৰ্খা পৰিসংঘৰ কাৰ্বি আংলং আঞ্চলিক সমিতিৰ লগতে সহস্ৰাধিক লোকে অংশ গ্ৰহন কৰে।
‘অসম চৰকাৰ হুঁচিয়া’, ‘সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ’, ‘প্ৰতীক হাজেলা মুৰ্দাবাদ’, ‘বিজেপি চৰকাৰ মুৰ্দাবাদ’, আদি শ্লোগানেৰে আজি উত্তাল হৈ পৰিল পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ চৌহদ। NRC-ত চক্ৰান্তমূলক ভাৱে গোর্খা খিলঞ্জীয়া লোক সকলৰ নাম বাদ দিয়াৰ তীব্ৰ অভিযোগ তুলিছে গোর্খা জনগোষ্ঠীয় লোকসকলে।












