![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩৫৫৬২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৮৪৪ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৩৬৯জন কামৰূপ মেট্ৰ’ৰ, ৫৭জন যোৰহাটৰ, ৫২জন কামৰূপ গ্ৰাম্যৰ আৰু ৫০জন দৰঙৰ।বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ২.৩৭ শতাংশ।
আনহাতে,বৃহস্পতিবাৰৰ দিনটোত মৃত্যু হৈছে ২ জন ব্যক্তিৰ৷ উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ১৩২জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.৩৬ শতাংশ।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ২৬৮৯ জন ৰোগী।













