![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
শুক্ৰবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন কৰোনা বিধি৷ আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই নতুন SOP৷
কি কি আছে নতুন SOPত চাওঁ আহক :
• নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈকে সান্ধ্য আইন।
• সকলোতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। অন্যথা ভৰিব লাগিব জৰিমনা।
• হোটেল, চিনেমা হল, চৰকাৰী কাৰ্যালয় আদি ৰাজহুৱা স্থানবোৰত টীকা নোলোৱা মানুহৰ প্ৰৱেশ নিষেধ কৰিলে চৰকাৰে। ইয়াৰ পৰা ৰেহাই পাব হাস্পতালসমূহ। ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানত টীকা নোলোৱা লোক প্ৰৱেশ কৰিলে ন্যূনমত ১ হাজাৰৰ পৰা ২৫ হাজাৰ পৰ্যন্ত জৰিমনা ভৰিব লাগিব।
• হোটেল, ৰেষ্টুৰেণ্ট আৰু চৰকাৰী কাৰ্যালয়লৈ যাবলৈ হ’লে কৰোনাৰ দুয়োটা পালি প্ৰতিষেধক লোৱাটো বাধ্যতামূলক৷ দুয়ো পালি টীকা লোৱাসকলে প্ৰমাণ-পত্ৰ দেখুৱাইহে প্ৰৱেশ কৰিব লাগিব।
• ভেকচিন নোলোৱা চৰকাৰী কৰ্মচাৰীসকল ১৫ জানুৱাৰীৰ পিছত কাৰ্যালয়লৈ আহিব নোৱাৰিব।
• বিয়া আদি অনুষ্ঠানত সৰ্বাধিক ২০০ মানুহৰ সমাগম হ’ব পাৰিব।
• বিয়লি ভাগত কোনোধৰণৰ চুলাই ভাটি খুলিব নোৱাৰিব।
• ৮ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈকে পঞ্চম শ্ৰেণীলৈকে সকলো স্কুল বন্ধ। গুৱাহাটীত বন্ধ থাকিব অষ্টম শ্ৰেণীলৈকে।
• নৱম, দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান সলনা-সলনিকৈ চলিব।
• নৈশ বাছ চলিব যদিও কেৱল কোভিডৰ দুটা পালি ভেকচিন লোৱা মানুহহে উঠিব পাৰিব। নিশাৰ আহাৰ হোটেলত বহি খাব নোৱাৰিব।
• আন্তঃজিলা যাতায়াত অব্যাহত থাকিব।













